মানুহৰ পিছত এইবাৰ জন্তুৰ দেহত কোৰোণা ভাইৰাছ, পোহনীয়া কুকুৰৰ দেহত ধৰা পৰিল এই মাৰাত্মক ভাইৰাছ

সাংকেতিক ফটো
মানুহৰ পৰা জন্তুলৈ এই ভাইৰাছ সংক্ৰমিত হোৱা এয়া হয়তো প্ৰথমটো ঘটনা।
- News18 Assam
- Last Updated: March 5, 2020, 8:11 AM IST
হংকঙত কোৰোণা ভাইৰাছত আক্ৰান্ত এগৰাকী মহিলাৰ পোহনীয়া কুকুৰটোও এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। মানুহৰ পৰা জন্তুলৈ এই ভাইৰাছ সংক্ৰমিত হোৱা এয়া হয়তো প্ৰথমটো ঘটনা।
এই পোহনীয়া কুকুৰটো কোৰোণা ভাইৰাছত আক্ৰান্ত এগৰাকী ৬০ বছৰীয়া মহিলাৰ। শুকুৰবাৰে কুকুৰটো কোৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰা হয়। বৰ্তমান কুকুৰটোক এখন পশু চিকিৎসালয়ত পৃথককৈ ৰখা হৈছে। কৃষি, মৎস্য সংৰক্ষণ বিভাগে পামেৰিয়ান কুকুৰটোৰ পৰীক্ষা–নিৰীক্ষা কৰি এই ভাইৰাছত আক্ৰান্ত হোৱা বুলি নিশ্চিত কৰে।