
চিকিৎসালয়খনৰ বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰখাৰ লগতে 'লা বেজ পৰিধান কৰি সমূহ স্বাস্থ্য সেৱা কৰ্মীৰ মৌন প্ৰতিবাদ।
চিকিৎসালয়খনৰ বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰখাৰ লগতে 'লা বেজ পৰিধান কৰি সমূহ স্বাস্থ্য সেৱা কৰ্মীৰ মৌন প্ৰতিবাদ।
হোজাই জিলাৰ লংকাৰ ফুলতলি হাস্পতালত এগৰাকী কৰ্তব্যৰত চিকিৎসকক আক্ৰমণ কৰাৰ প্ৰতিবাদত আজি ৰাজ্যজুৰি চিকিৎসকসকলে প্ৰতিবাদ সাব্যস্ত কৰে । ডাঃ সেউজ কুমাৰ সেনাপতি নামৰ চিকিৎসকগৰাকী একাংশ উন্মত্ত লোকৰ জীঘাংসাৰ বলি হোৱা বৰ্বৰ ঘটনাক তীব্ৰ ভাষাৰে গৰিহণা দিয়ে ৰঙিয়া মডেল হাস্পতালৰ চিকিৎসক তথা স্বাস্থ্য কৰ্মী সকলে ।
বুধবাৰে দিনৰ ভাগত চিকিৎসালয়খনৰ বহিঃবিভাগৰ চিকিৎসা সেৱা বন্ধ ৰখাৰ লগতে তত্বাবধায়ক ডাঃনৱনীতা বৰাৰ নেতৃত্বত সমূহ স্বাস্থ্য সেৱা কৰ্মী সমবেত হৈ ক'লা বেজ পৰিধান কৰি মৌন প্ৰতিবাদ সাব্যস্ত কৰে । প্ৰতিবাদ কালত চিকিৎসক তথা স্বাস্থ্য কৰ্মীৰ সুৰক্ষা নিশ্চিত কৰাৰ লগতে ঘটনাৰ লগত জড়িত দোষীক কঠোৰতম শাস্তি প্ৰদানৰো দাবী জনায়। তাৰ পাছত ক''লাবেজ পৰিধান কৰিয়েই নিজৰ কৰ্তব্য সম্পাদন কৰে।
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|