মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid-19 Pandemic: ৯ মে'ৰ পৰা দেশত ৰাজধানী, শতাব্দী, দূৰন্ত এক্সপ্ৰেছসহ ২৮ খন ৰে'লৰ চলাচল বাতিল...

Covid-19 Pandemic: ৯ মে'ৰ পৰা দেশত ৰাজধানী, শতাব্দী, দূৰন্ত এক্সপ্ৰেছসহ ২৮ খন ৰে'লৰ চলাচল বাতিল...

News18 Assam | News18-Assam
Updated:May 7, 2021, 10:17 AM IST
Covid-19 Pandemic: ৯ মে'ৰ পৰা দেশত ৰাজধানী, শতাব্দী, দূৰন্ত এক্সপ্ৰেছসহ ২৮ খন ৰে'লৰ চলাচল বাতিল...
দেশত কোৰোণাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ পৰা চলিবলগীয়া ৰাজধানী, শতাব্দী আৰু দূৰন্ত এক্সপ্ৰেছকে ধৰি ২৮ খন ৰে'লৰ চলাচল বাতিল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই ।

দেশত কোৰোণাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ পৰা চলিবলগীয়া ৰাজধানী, শতাব্দী আৰু দূৰন্ত এক্সপ্ৰেছকে ধৰি ২৮ খন ৰে'লৰ চলাচল বাতিল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই ।

  • Share this:
দেশত কোৰোণাৰ সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ পৰা চলিবলগীয়া ৰাজধানী, শতাব্দী আৰু দূৰন্ত এক্সপ্ৰেছকে ধৰি ২৮ খন ৰে'লৰ চলাচল বাতিল কৰাৰ সিদ্ধান্ত লৈছে ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই ।

অতিমাৰী কোৰোণা ভাইৰাছৰ দ্বিতীয় ঢৌৰ সৈতে যুঁজি আছে ভাৰত । প্ৰতিদিনে পোহৰলৈ অহা সংক্ৰমিত আৰু কোভিড আক্ৰান্তৰ মৃত্যুৰ খবৰে আচৰিত কৰি তুলিছে সকলোকে । কোৰোণাৰ এই ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখিয়েই বহু ৰাজ্যত ইতিমধ্যে লকডাউন ঘোষণা কৰাৰ সমান্তৰালকৈ সমগ্ৰ দেশ এতিয়া লকডাউনৰ দিশে আগবাঢ়িছে । যাৰ বাবে এনে পৰিস্থিতিত ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই হাতত লৈছে এক ডাঙৰ সিদ্ধান্ত । দেশত কোৰোণা সংহাৰৰ প্ৰতি লক্ষ্য ৰাখি ৰে'লৱে কৰ্তৃপক্ষই ৯ মে' পৰা দিল্লীৰ পৰা চলিবলগীয়া ৰাজধানী, শতাব্দী আৰু দূৰন্ত এক্সপ্ৰেছকে আদি কৰি ২৮ খন ৰে'ল বাতিল কৰাৰ সিদ্ধান্ত লৈছে । আৰু পৰৱৰ্তী নিৰ্দেশনা জাৰি নোহোৱালৈকে এই ৰে'লসমূহৰ চলাচল বন্ধ থাকিব ।

লক্ষ্যণীয় দেশত কোৰোণা সংক্ৰমিত ৰোগীৰ সংখ্যাই প্ৰতিদিনে গঢ়িছে নতুন অভিলেখ । নতুন ৰোগী আৰু মৃত্যুৰ পৰিসংখ্যাই বুধবাৰৰ দিনটোত পূৰ্বৰ সকলো অভিলেখ ভংগ কৰে । বুধবাৰৰ দিনটোতে সমগ্ৰ দেশতে ৪, ১২,২৬২ টা নতুন কোভিডৰ ঘটনা চিনাক্ত কৰাৰ লগতে ৩,৯৮০গৰাকী লোকে প্ৰাণ হেৰুৱায় ।

অক্সিজেন এক্সপ্ৰেছ: ৰে'ল কৰ্তৃপক্ষই এতিয়ালৈকে সমগ্ৰ দেশত ২০৬৭ টন 'সঞ্জীৱনী' প্ৰদান কৰিছে -

ইপিনে হঠাত্ কোভিডৰ বৰ্ধিত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত দেশৰ বহু প্ৰান্তত দেখা অক্সিজেন সংকটৰ দিশটোত ভাৰতীয় ৰে'লে যথেষ্ট আগভাগ লৈছে। অক্সিজেন এক্সপ্ৰেছযোগে বিগত ১৬টা দিনত সমগ্ৰ দেশত প্ৰায় ২০৬৭ টন চিকিৎসা অক্সিজেন প্ৰদান কৰিছে ভাৰতীয় ৰে'ল কৰ্তৃপক্ষই । ইয়াৰ ভিতৰত দিল্লীয়ে সৰ্বাধিক ৭০৭ টন চিকিৎসা অক্সিজেন লাভ কৰিছে আৰু তাৰ পিছত উত্তৰ প্ৰদেশে ৬৪১ টন অক্সিজেন লাভ কৰিছে ।

বৰ্তমানেও সমগ্ৰ দেশৰ বিভিন্ন ৰে'ল পথত ৩৪৪ টন তৰল চিকিৎসাগত অক্সিজেন অৰ্থাৎ এলএমঅ' (Liquid Medical Oxygen) কঢ়িয়াই যাত্ৰাত আছে অক্সিজেন এক্সপ্ৰেছ । বুধবাৰে এক বিবৃতিযোগে ৰে'ল মন্ত্ৰালয়ে কয় যে ভাৰতীয় ৰে'লৱেয়ে ভিন্ন ৰাজ্যত ১৩৭ খন টেংকাৰেৰে ২০৬৭ টন তৰল চিকিৎসা অক্সিজেন প্ৰদান কৰিছে।
Published by: Kokil Sarma
First published: May 7, 2021, 10:17 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি