মুখ্যপৃষ্ঠা »খবৰ »Corona »পানীলগা জ্বৰ, চৰ্দি আৰু কৰোণাৰ মাজত কি পাৰ্থক্য? আপোনাৰ কি হৈছে কেনেকৈ গম পাব?

পানীলগা জ্বৰ, চৰ্দি আৰু কৰোণাৰ মাজত কি পাৰ্থক্য? আপোনাৰ কি হৈছে কেনেকৈ গম পাব?

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰিছে ক’ৰোণা ভাইৰাছক

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰিছে ক’ৰোণা ভাইৰাছক

ইতিমধ্যে বিশ্ব স্বাস্থ্য সংস্থাই মহামাৰী ঘোষণা কৰিছে ক’ৰোণা ভাইৰাছক

  • Share this:
এতিয়া সাধাৰণ চৰ্দি–জ্বৰ হ’লেই ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱা বুলি ভয় খায়। সাধাৰণ জ্বৰ, কাহ বা চৰ্দিত আক্ৰান্ত হ’লেই ক’ৰোণাত আক্ৰান্ত  হোৱা বুলি সন্দেহ কৰি চিকিৎসকৰ কাষ চপা দেখিবলৈ পোৱা গৈছে। সাধৰাণতে ভাইৰেল বা বতৰ পৰিৱৰ্তনৰ আৰম্ভণিতে জ্বৰ, চৰ্দি, কাহ আদি হোৱা দেখা যায়। এই সমূহ লক্ষণেই এতিয়া ক’ৰোণা ভাইৰাছৰো লক্ষণ।



ভাৰতবৰ্ষতো এতিয়া ক’ৰোণা ভাইৰাছ আতংক। বৰ্তমানলৈকে দেশৰ প্ৰায় ৬১ জন লোকৰ শৰীৰত ধৰা পৰিছে ক’ৰোণা ভাইৰাছৰ অৱস্থিতি।

‘ডায়ছে ৱেলে’ নামৰ জাৰ্মানীৰ এটা চাইটে বিশ্ব স্বাস্থ্য সংস্থা আৰু বিশেষজ্ঞৰ সৈতে আলোচনা কৰি এটা ৰিপৰ্ট প্ৰকাশ কৰিছে। য’ত কেনে ধৰণৰ লক্ষণে দেখা দিলে চিকিৎসকৰ কাষ চাপিব লাগে তাৰ সবিশেষ দাঙি ধৰিছে।



ক’ৰোণা ভাইৰাছৰ লক্ষণ–

১. যদি সঘনাই জ্বৰ হৈছে।
২.কাহ আৰু উশাহ–নিশাহত অসুবিধা।
৩. মাংসপেশীৰ বিষ।
৪. অনবৰতে ভাগৰুৱা অনুভৱ হৈ থাকে।

এই সমূহো হ’ব পাৰে ক’ৰোণা ভাইৰাছৰ লক্ষণ–

১. অতিমাত্ৰা কফ হ’লে।
২. কফৰ লগত তেজ ওলালে।
৩. সঘনে মূৰৰ বিষ।
৪. সঘনাই পেটৰ সমস্যাই দেখা দিলে।

কিন্তু এইবোৰ লক্ষণ নহয় ক’ৰোণা ভাইৰাছৰ–
১. চৰ্দি বা নাক বন্ধ হৈ থকা।
২.ডিঙিৰ খচখচনি।

শেহতীয়া বাতৰি