உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • কোৰোণা ভাইৰাছৰ প্ৰভাৱ! গুৱাহাটীত হ্ৰাস পাইছে ডিজেলৰ মূল্য, আৰু কম হোৱাৰ সম্ভাৱনা

    কোৰোণা ভাইৰাছৰ প্ৰভাৱ! গুৱাহাটীত হ্ৰাস পাইছে ডিজেলৰ মূল্য, আৰু কম হোৱাৰ সম্ভাৱনা

    কোৰোণো ভাইৰাছে চীনত এতিয়া ধাৰণ কৰিছে সংহাৰী ৰূপ

    কোৰোণো ভাইৰাছে চীনত এতিয়া ধাৰণ কৰিছে সংহাৰী ৰূপ

    কোৰোণো ভাইৰাছে চীনত এতিয়া ধাৰণ কৰিছে সংহাৰী ৰূপ

    • Share this:
    কোৰোণো ভাইৰাছে চীনত এতিয়া ধাৰণ কৰিছে সংহাৰী ৰূপ। কোৰোণা ভাইৰাছৰ প্ৰভাৱত হ্ৰাস পাইছে আন্তঃৰাষ্ট্ৰীয় বজাৰত খাৰুৱা তেলৰ মূল্য। ফলস্বৰূপে হ্ৰাস পাইছে ডিজেলৰ মূল্য। গুৱাহাটীতো এতিয়া প্ৰায় ৫ টকা হ্ৰাস পাই প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৬৪.৯৬ টকা। ভাৰতবৰ্ষৰ আন আন মুখ্য চহৰতো হ্ৰাস পাইছে ডিজেলৰ মূল্য। নতুন দিল্লীত আজি প্ৰতি লিটাৰ ডিজেলৰ মূল্য হৈছেগৈ ৬৬.৫৮ টকা। ৬৮.৯৪ টকা কলিকতাত।

    চীনত কোৰোণা ভাইৰাছে ধাৰণ কৰা সংহাৰী ৰূপৰ ফলত আন্তঃৰাষ্ট্ৰীয় বজাৰতো পৰিছে প্ৰভাৱ। খাৰুৱা তেলৰ মূল্য প্ৰতি বেৰেলত ০.১২ শতাংশ নিম্নগামী হৈ ৫৮.৫১ ডলাৰ হৈছে।

    উল্লেখযোগ্য যে, এই ভাইৰাছত বৰ্তমানলৈ ২৩০০ লোক আক্ৰান্ত হৈছে। ১.১ কোটি আবাদীৰ চীনৰ য়ুহান চহৰ এই ভাইৰাছৰ মুখ্য কেন্দ্ৰ। এইপৰ্যন্ত ৮০জন লোকৰ মৃত্যু হৈছে। আমেৰিকাসহ এক ডজনৰো অধিক দেশলৈ সম্প্ৰসাৰিত হৈছে এই ভয়ংকৰ ভাইৰাছ। ভাৰততো ধৰা পৰিছে কোৰোণা ভাইৰাছৰ অৱস্থিতি। ৰাজস্থানৰ জয়পুৰত এজন লোক এই ভাইৰাছত আক্ৰান্ত হোৱাৰ সন্দেহ কৰা হৈছে।
    Published by:Himangshu Bhuyan
    First published: