ৰাজ্যত নাটনি হোৱা নাই ক'ভিড ভেকচিনৰ । আজি ডিব্ৰুগড়ত সংবাদ মাধ্যমৰ আগত এই কথা স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে। অসম চিকিৎসা মহাবিদ্যালয়ত এখন বৈঠকত অংশগ্ৰহণৰ পিছতে সোনোৱালে ক'ভিড ভেকচিন নাটনি হোৱা বুলি যি চৰ্চা হৈছিল সেয়া পোনচাটেই নাকচ কৰে । তেওঁ কয় যে " ক'ভিড প্ৰতিষেধক নাটনি নাই হোৱা । ভেকচিন দি থকা হৈছে । ভেকচিন ল'বলৈ জনসাধাৰণ আগবাঢ়ি আহিব লাগিব, সহযোগ কৰিব লাগিব " ।
মুখ্যমন্ত্ৰীয়ে সকলোকে সজাগ সচেতন হৈ থকাৰ বাবেও আহ্বান জনায়। তেওঁ কয় যে " বিগত বৰ্ষত অসমৰ ৰাইজে শৃংখলাবদ্ধভাৱে ক'ভিডৰ বিৰুদ্ধে যি যুঁজ দিছিল সেয়া দেশৰ ভিতৰতে ভাল উদাহৰণ আছিল। এইবাৰো সমাজৰ সকলো শ্ৰেণীয়ে নিজৰ দায়বদ্ধতা দেখুওৱাব লাগিব। " ইয়াৰ উপৰিও আগন্তুক ৰঙালী বিহুতো স্বাস্থ্য বিভাগে দিয়া নীতি নিৰ্দেশনাসমূহ মানি চলিবলৈ ৰাইজৰ প্ৰতি আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।
উল্লেখযোগ্য যে ক'ভিদ পৰিস্থিতিৰ সন্দৰ্ভত ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ সৈতে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়।
বৈঠকত উপস্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ, অধীক্ষককে ধৰি প্ৰতিটো বিভাগৰ মূৰব্বী অধ্যাপক, ডিব্ৰুগড় জিলাৰ যুটীয়া স্বাস্থ্য সঞ্চালক, স্বাস্থ্য সমন্বয়ক বিষয়াকে ধৰি বহু বিশিষ্ট চিকিৎসক লগতে উপস্থিত থাকে ICMR ৰ বিষয়া।মুখ্যমন্ত্ৰীৰ সৈতে দেখা গল বিধায়ক প্ৰশান্ত ফুকন আৰু ঋতুপৰ্ণ বৰুৱাক।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|