
ক'ৰোনা ৰোগীৰ সংখ্যা বাঢ়িছে, বিপৰীতে জনসাধাৰণৰ নাই সচেতনতা।এপ্ৰিল মাহতে ডিব্ৰুগড়ত ২৫০জন ক'ৰোনাত আক্ৰান্ত।
ক'ৰোনা ৰোগীৰ সংখ্যা বাঢ়িছে, বিপৰীতে জনসাধাৰণৰ নাই সচেতনতা।এপ্ৰিল মাহতে ডিব্ৰুগড়ত ২৫০জন ক'ৰোনাত আক্ৰান্ত।
অতি ভয়ানকভাবে ক'ৰোনা সংক্ৰমণ হৈছে ডিব্ৰুগড় জিলাত।প্ৰতি দিনেই অভাৱনীয়ভাবে ক'ৰোনা সংক্ৰমণ হৈছে জনগণৰ মাজত।কিন্তু ইমানৰ পাছতো জনতা সজাগ বা সচেতন হোৱা পৰিলক্ষিত হোৱা নাই।আজিৰ দিনটোতে মাহটোৰ ভিতৰতে এই পৰ্যন্ত সৰ্বাধিক ৬২ গৰাকী লোকৰ দেহত ক'ভিড-১৯ ভাইৰাছ ধৰা পৰিছে।এই ৬২ গৰাকী লোকৰ ভিতৰত ৰেপিড পৰীক্ষাত- ২৮ গৰাকী আৰু আৰ টি পি চি আৰ পৰীক্ষাত ৩৪ গৰাকীৰ প্ৰামানিক তথ্য পোৱা বুলি চৰকাৰী সূত্ৰত প্ৰকাশ।ইয়াৰ বিপৰীতে কালি জিলাখনত ৰেপিড টেষ্টত ২৮ গৰাকী আৰু আৰ টি পি চি আৰ টেষ্টত ১১ গৰাকীকে ধৰি মুঠ ৩৯ গৰাকী লোকৰ দেহত ক'ভিড -১৯ ভাইৰাছ ধৰা পৰিছিল।সেইদৰে যোৱা ১১ এপ্ৰিলত জিলাখনত ১৯ গৰাকী লোকৰ দেহত ক'ভিড পজিটিভ পোৱা হৈছিল।
অৰ্থাৎ প্ৰতিদিনেই ক্ৰমবৰ্দ্ধিত হাৰত হোৰাহোৰে বৃদ্ধি পাইছে ক'ৰোনাত আক্ৰান্ত ৰোগীৰ সংখ্যা।চলিত মাহতে মাত্ৰ ১৩ দিনতে জিলাখনত ২৫০ জনলৈ ক'ৰোনা ৰোগী বৃদ্ধি হোৱাত যথেষ্ট উদ্বেগৰ বিষয় হৈ পৰিছে।সেয়ে শংকিত হৈ পৰিছে সাধাৰণ জনতা।সমগ্ৰ দেশৰ বিভিন্ন ৰাজ্যৰ লগতে ডিব্ৰুগড়তো অতি সন্তৰ্পণে ক'ভিড সংক্ৰমণ হৈ আছে যদিও জনসাধাৰণ সচেতন বা ক'ভিড প্ৰটকল মানি চলা পৰিলক্ষিত হোৱা নাই।বিহুৰ বাবে ৰাজহুৱা স্থান,হাট,বজাৰত জনতাই কোনো ক'ভিড প্ৰট'কল নমনাকৈ ঘূৰি ফুৰাত, সংক্ৰমণ যে বৃদ্ধি পাব সেয়া সচেতন ৰাইজে আশংকা কৰিছে।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|