Covid-19ত আক্রান্ত হৈ Social Mediaত নিজৰ পৰিস্থিতিৰ বৰ্ণনা দি সহায় বিচৰা লোকক আৰক্ষীয়ে হাৰাশাস্তি দিলে, আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই নিৰ্দেশ।
Covid-19ত আক্রান্ত হৈ Social Mediaত নিজৰ পৰিস্থিতিৰ বৰ্ণনা দি সহায় বিচৰা লোকক আৰক্ষীয়ে হাৰাশাস্তি দিলে, আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব। আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই নিৰ্দেশ।
Covid-19ত আক্রান্ত হৈ Social Mediaত নিজৰ পৰিস্থিতিৰ বৰ্ণনা দি সহায় বিচৰা লোকক আৰক্ষীয়ে হাৰাশাস্তি দিলে, আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰা হ’ব । আজি উচ্চতম ন্যায়ালয়ে প্ৰদান কৰে এই নিৰ্দেশ । সৰ্বোচ্চ ন্যায়ালয়ে নিৰ্দেশ প্ৰদান কৰি কয় – ৰাজহুৱা মঞ্চত Covid সম্বন্ধীয় ওজৰ-আপত্তি দিয়া লোকক পুলিচে হাৰাশাস্তি দিয়া দৃষ্টিগোচৰ হ’লে আদালতে অৱমাননাৰ গোচৰ ৰুজু কৰিব । এই সন্দৰ্ভত গ্ৰহণ কৰা এটা নিজাববীয়া গোচৰৰ (Suo moto case) শুনানি গ্ৰহণ কৰি ন্যায়াধীশ ডি ওয়াই চন্দ্ৰচুড়ে কয় – “যদি এজন নাগৰিকে সাম্প্ৰতিক পৰিস্থিতিত Social Mediaৰ যোগেদি ওজৰ আপত্তি দৰ্শাইছে তেন্তে তেওঁ কোনোধৰণৰ ভুৱা তথ্য প্ৰদান কৰা নাই ।“ এই নিৰ্দেশ আখৰে আখৰে পালন কৰিবলৈও ৰাজ্য সমূহৰ আৰক্ষী সঞ্চালক প্রধান সকলক সকীয়াই দিয়ে তিনিজনীয়া বিচাৰপীঠ খনে ।
উল্লেখযোগ্য যে, Covid-19 মহামাৰীয়ে ভয়ংকৰ ৰূপ ধৰাৰ পৰিপ্ৰেক্ষিতত ৰাজধানী দিল্লীকে ধৰি দেশৰ বিভিন্ন প্ৰান্তত চিকিৎসা সেৱা, সঁজুলি আদিৰ ব্যাপক নাটনিয়ে দেখা দিছে । আক্রান্ত লোক সকলে সহায় বিচাৰি Social Mediaত আহ্বান জনোৱা পৰিলক্ষিত হৈছে । সেইসমূহ দেখি বহু প্ৰভাৱশালী লোকে সহায়ৰ হাত আগবঢ়োৱা দেখা গৈছে । তাৰ মাজতে উত্তৰ প্ৰদেশ চৰকাৰে তেনে ‘ভুৱা’ আহ্বান জনোৱা লোকৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় সুৰক্ষা আইনৰ অধীনত গোচৰ তৰাৰ ঘোষণা কৰিছিল ।
উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে ৰাজ্যৰ Covid হস্পিতাল সমূহত পৰ্যাপ্ত মেডিকেল অক্সিজেন থকাৰ কথা ঘোষণা কৰি Social Mediaত ‘উৰা বাতৰি' বিয়পোৱা লোকৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ’ব বুলি কৈছিল । মুখ্যমন্ত্ৰী গৰাকীয়ে Social Mediaত চোকা দৃষ্টি ৰাখিবলৈ পুলিচ বিভাগক নিৰ্দেশো প্ৰদান কৰিছিল । Social Mediaত নিজৰ Covid-19ত আক্ৰান্ত ককাদেউতাৰ কাৰণে অক্সিজেন বিচাৰি আহ্বান কৰা এজন ব্যক্তিক উত্তৰ প্ৰদেশ আৰক্ষীয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|