Corona : ক'ৰোনাৰ সংক্ৰমণ বঢ়াৰ লগে লগে বাঢ়িছে লকডাউনৰ ভয়! ৰে'ল ষ্টেচনত বাঢ়িব ধৰিছে যাত্ৰীৰ ভিৰ।

News18 Assam | News18-Assam
Updated:April 7, 2021, 5:20 PM IST
Corona : ক'ৰোনাৰ সংক্ৰমণ বঢ়াৰ লগে লগে বাঢ়িছে লকডাউনৰ ভয়! ৰে'ল ষ্টেচনত বাঢ়িব ধৰিছে যাত্ৰীৰ ভিৰ।
Corona in Delhi: দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ হোৱাৰ লগে লগে জনতাৰ মাজত পুনৰ লকডাউন(Lockdown)ৰ আতংক। দিল্লীৰ ৰে’ল ষ্টেচনসমূহত পুনৰ । যাত্ৰীৰ ভিৰ বাঢ়িব ধৰিছে। 

Corona in Delhi: দিল্লীত নৈশ সান্ধ্য আইন বলৱৎ হোৱাৰ লগে লগে জনতাৰ মাজত পুনৰ লকডাউন(Lockdown)ৰ আতংক। দিল্লীৰ ৰে’ল ষ্টেচনসমূহত পুনৰ । যাত্ৰীৰ ভিৰ বাঢ়িব ধৰিছে। 

  • Share this:
দেশৰ ৰাজদধানী দিল্লীত (Delhi)  ক'ৰোনাৰ(COVID-19) সংক্ৰমণ দ্ৰুত গতিত বৃদ্ধি পাব ধৰিছে। দিল্লী চৰকাৰে ক'ৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ জাৰি কৰিছে নৈশ সান্ধ্য আইন। এই নৈশ সান্ধ্য আইন বলৱৎ থাকিব ৩০ এপ্ৰিল পৰ্যন্ত। এনে পৰিস্থিতিত সাধাৰণ লোকৰ মনত পুনৰ এবাৰ লকডাউনৰ ভূতে দেখা দিছে। ফলত বিগত বৰ্ষৰ দৰেই এইবাৰো পুনৰ দিল্লী এৰিবলৈ সাজু হৈছে বহিৰাজ্যৰ লোক। যাৰ পৰিণতিত দিল্লীৰ ৰে'ল ষ্টেচনসমূহত ভিৰ দেখা গৈছে। ক'ৰোনাৰ সংক্ৰমণ বঢ়াৰ লগে লগে মানুহৰ পলায়নো যেন আৰম্ভ হৈছে।





দিল্লী চৰকাৰে ঘোষণা কৰা মতে সান্ধ্য আইনৰ সময়ত কেৱল জৰুৰী সেৱাসমূহকহে অনুমতি দিয়া হ'ব। দিল্লীত ক'ৰোনাৰ সংক্ৰমণত ৪ হাজাৰৰো অধিক লোক দৈনিক আক্ৰান্ত হৈছে আৰু পজিটিভিটী হাৰ হৈছে চাৰে পাঁচৰ ওপৰত। অৱশ্যে এই মূহূৰ্তলৈ লকডাউনৰ কোনো পৰিকল্পনা দিল্লী চৰকীৰৰ নাই বুলি স্পষ্ট কৰি দিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰীৱালে।




উল্লেখ্য যে মঙলবাৰে দিল্লীত নতুনকৈ ৫,১০০ লোক ক'ৰোনাত আক্ৰান্ত হৈছে। এই আক্ৰান্তৰ সংখ্যা চলিত বৰ্ষৰ ভিতৰতে সৰ্বাধিক।  মঙলবাৰে ৰাজধানী দিল্লীত ক'ৰোনাত মৃত্যু হৈছে ১৭ গৰাকী লোকৰ। দিল্লীত এই পৰ্যন্ত ক'ৰোনাত মুঠ ১১,১১৩ গৰাকী লোক ক'ৰোনাত মৃত্যু হৈছে।


Published by: Manjumoni Borah
First published: April 7, 2021, 4:59 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি