CoWinএপ আৰু আৰোগ্য সেতু এপৰ জৰিয়তে এজন ব্যক্তিয়ে পৰিয়ালৰ চাৰিজন সদস্যৰ টীকাকৰণৰ বাবে পঞ্জীয়ন কৰিব পাৰিব । এই প্লেটফৰ্মবোৰে লোকসকলক নিকটতম চৰকাৰী আৰু ব্যক্তিগত কোভিড ভেকছিন কেন্দ্ৰলৈ যাবলৈ অনুমতি প্ৰদান কৰিব । এই এপৰ জৰিয়তেই নাগৰিকসকলে টীকাকৰণৰ স্লট বুক কৰাৰ লগতে টীকাকৰণৰ স্থান সলনি কৰা বা বাতিল কৰিব পাৰিব ।
লক্ষণীয় দিশটো হ'ল যে, ভেকছিন কেন্দ্ৰত ১ মে'ৰ পৰা পোনপটীয়াকৈ আৰু টীকাকৰণ কৰা নহ'ব, ইয়াৰ বাবে অনলাইনযোগে পূৰ্বে পঞ্জীয়ন কৰিব লাগিব । ইয়াৰ কাৰণ হৈছে টীকাকৰণ কেন্দ্ৰত যাতে সামাজিক দূৰত্ব বজাই ৰাখিব পাৰি আৰু একে সময়তে যাতে বৃহৎ সংখ্যক লোক উপস্থিত হ'ব নোৱাৰে ।
CNN NEWS 18-ৰ সৈতে কথা পাতি CoWinএপৰ মূৰব্বী আৰ এছ শৰ্মাই এই প্লেটফৰ্মসমূহৰ জৰিয়তে কেনেদৰে কোনো অসুবিধা নোহোৱাকৈয়ে টীকাকৰণৰ বাবে পঞ্জীয়ন কৰিব পাৰি তাৰ বিষয়ে বৰ্ণনা কৰে । প্ৰতিদিনে ৬০ ৰ পৰা ৭০ লাখ লোকে পঞ্জীয়ন কৰাৰ আশা ব্যক্ত কৰি শৰ্মাই কয় এনেদৰে, " পূৰ্বতে ইয়াৰ সংখ্যা আছিল প্ৰায় ৫০ লাখ । কিন্তু এতিয়া আশা কৰি হৈছে যে এই সংখ্যা বৃদ্ধি পাব, কিয়নো এতিয়া প্ৰায় সকলো বয়োজ্যেষ্ঠ লোকৰ টীকাকৰণ কৰা হৈছে । এনে পৰিস্থিতিত এতিয়া আৰু এপটো পৰিচালনা কৰাত কোনো অসুবিধা নহ'ব।
ইপিনে ব্যক্তিগত কোম্পানীবোৰে তেওঁলোকৰ কৰ্মচাৰীসকলক টীকাকৰণ কৰা সম্পৰ্কত শৰ্মাই কয়, "ইয়াক লৈ মই ৰাজহুৱাভাৱে ব্যাখ্যা কৰা প্ৰয়োজন নাই । কোম্পানীবোৰে আমাক আমাৰ টীকাকৰণ শিবিৰৰ বিষয়ে অৱগত কৰিব লাগিব যাতে আমি তেওঁলোকক টীকাকৰণৰ প্ৰমাণপত্ৰ দিব পাৰো।