‘কৰ্কট ৰোগৰ প্ৰতিষেধক বুলি প্ৰমাণিত গোমূত্ৰ, গৰুৰ গোবৰ হ’ব পাৰে ক’ৰোণা ভাইৰাছৰ ঔষধ’

News18 Assam | News18-Assam
Updated:March 2, 2020, 1:22 PM IST
‘কৰ্কট ৰোগৰ প্ৰতিষেধক বুলি প্ৰমাণিত গোমূত্ৰ, গৰুৰ গোবৰ হ’ব পাৰে ক’ৰোণা ভাইৰাছৰ ঔষধ’
বিধানসভাত অদ্ভুত যুক্তি বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

বিধানসভাত অদ্ভুত যুক্তি বিজেপি বিধায়িকা সুমন হৰিপ্ৰিয়াৰ

  • Share this:
অসম বিধানসভাত বিজেপি বিধায়িকাৰ আবিষ্কাৰ! গোমূত্ৰৰে চিকিৎসা সেৱা আগবঢ়াবলৈ আগবাঢ়িছে বিজেপিৰ হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া। বিজেপিৰ বিধায়িকাগৰাকাৰীয়ে কয় যে, ‘ইতিমধ্যে কৰ্কট ৰোগৰ প্ৰতিষেধক বুলি প্ৰমাণিত হৈছে গোমূত্ৰ। গুজৰাটত ইয়াৰ ফলো পাইছে। মইয়ো অধ্যয়ন কৰি সেই কথা গম পাইছো।’

বিধায়িকাগৰাকীয়ে লগতে ক’ৰোণা ভাইৰাছৰো ঔষধ আবিষ্কাৰ কৰিছে! সুমন হৰিপ্ৰিয়াৰ মতে, ‘গৰুৰ গোবৰ হ’ব পাৰে কৰোণা ভাইৰাছৰ ঔষধ। এতিয়া ক’ৰোণা ভাইৰাছৰ ঔষধ ভাৰতে আবিষ্কাৰ কৰিব বুলি সমগ্ৰ বিশ্বই আশা কৰি আছে।’

বিধায়িকা সুমন হৰিপ্ৰিয়াই লগতে কয় যে, ‘মানুহে গৰু পোহ–পাল কৰিব লাগে। বিশেষকৈ গোমূত্ৰৰ উপকাৰীতাৰলৈ চাই পুহিব লাগে গৰু।’

 
First published: March 2, 2020, 1:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading