ক'ভিডৰ ভাৰতীয় ষ্ট্ৰেইনৰ বিৰুদ্ধে অতি কাৰ্যকৰী ক'ভিশ্বিল্ড আৰু কোভেক্সিন ভেকচিন ! গৱেষণাত পোহৰলৈ আহিছে এই কথা ...

News18 Assam | News18-Assam
Updated:April 28, 2021, 4:22 PM IST
ক'ভিডৰ ভাৰতীয় ষ্ট্ৰেইনৰ বিৰুদ্ধে অতি কাৰ্যকৰী ক'ভিশ্বিল্ড আৰু কোভেক্সিন ভেকচিন ! গৱেষণাত পোহৰলৈ আহিছে এই কথা ...
ক'ভিড মহামাৰীৰ বিৰুদ্ধে যুঁজ দিবলৈ ভাৰতত টীকাকৰণৰ বাবে ব্যৱহাৰ কৰি থকা হৈছে ক'ভিশ্বিল্ড আৰু কোভেক্সিন ভেকছিন । এই দুয়োবিধ ভেকছিনৰ কাৰ্যকাৰিতাক লৈ সমগ্ৰ দেশতে আলোচনা চলি থকা মাজতেই শেহতীয়াকৈ এক গৱেষণাত পোহৰলৈ আহিছে এক ভাল খবৰ ।

  • Share this:

দুয়োটা ভেকছিনৰ ওপৰত কৰা এক অধ্যয়নত কোৱা হৈছে যে কোৰোণা ভাইৰাছৰ ভাৰতীয় প্ৰকৃতিৰ বিৰুদ্ধে যুঁজ দিবলৈ ই অতি কাৰ্যকৰী । যদিহে কোনো লোক এই টীকা গ্ৰহণৰ পিছত কোভিড পজিটিভ ৰূপে চিনাক্ত হয়, তেন্তে তেওঁৰ ক্ষেত্ৰত সংক্ৰমণৰ অতি মৃদু লক্ষণহে দেখিবলৈ পোৱা যাব । ইনষ্টিটিউট অফ জিনোমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বায়'লজীৰ সঞ্চালক অনুৰাগ আগৰৱালে কয় যে উপলব্ধ ভেকছিনৰ প্ৰভাৱৰ ওপৰত কৰা এক অধ্যয়নত দেখুওৱা হৈছে যে দুয়োটা কোৰোণা ভাইৰাছৰ B.1.617 প্ৰকাৰৰ বিৰুদ্ধে কাৰ্যকৰী আৰু টীকাকৰণৰ পিছত হোৱা সংক্ৰমণৰ ক্ষেত্ৰত দেখা দিয়া লক্ষণবোৰ অতি মৃদু।

ইফালে কোভিডৰ এই B.1.617 প্ৰকাৰটোক ডাবল মিউটেন্ট বা ভাৰতীয় ষ্ট্ৰেইন বুলিও কোৱা হৈছে। আগৰৱালে টুইটযোগে কয় এনেদৰে, "ক'ভিশ্বিল্ড আৰু কোভেক্সিনৰ দ্বাৰা টীকাকৰণৰ পিছত কোৰোণাৰ B.1.617 প্ৰকাৰৰ ওপৰত ইয়াৰ প্ৰভাৱ বিচাৰি কৰা এই অধ্যায়ন প্ৰাৰম্ভিক ফলাফল ইতিবাচক আছিল । ভেকচিনৰ পিছত বেছিভাগ ক্ষেত্ৰতে সংক্ৰমণৰ মৃদু লক্ষণ দেখা গৈছে । এয়া ইতিবাচক কথা, যদিও আমি এতিয়াও পৰিমাণগত তথ্য প্ৰাপ্ত কৰিবলৈ বাকী আছে । যিয়ে টীকাকৰণৰ পিছত সংক্ৰমণ প্ৰতিৰোধ সম্পৰ্কে বুজাত সহায় কৰিব ।"

আইজিআইবিয়ে বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ চমুকৈ CSIRৰ অধীনত কাম কৰে। ইয়াৰ উপৰিও চেণ্টাৰ ফৰ চেলুলাৰ এণ্ড মলিকিউলাৰ বায়'লজী হায়দৰাবাদ (CCMB)য়েও CSIRৰ অধীনত কাম কৰে। CCMBৰ দ্বাৰা কৰা এক অধ্যয়নৰ প্ৰাৰম্ভিক ফলাফল অনুসৰি, এই সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ আগতে চিৰাম গ্ৰহণ কৰা আৰু ক'ভিশ্বিল্ড ভেকছিন গ্ৰহণৰ পিছত চিৰাম গ্ৰহণে দেখুৱাইছিল যে ভেকছিনটো B.1.617 প্ৰকাৰ প্ৰতিৰোধী আছিল ।

CCMBৰ সঞ্চালক ৰাকেশ মিশ্ৰাই বিগত সপ্তাহত টুইট কৰি কৈছিল এনেদৰে, "প্ৰাৰম্ভিক ফলাফল অত্যন্ত উৎসাহজনক। ক'ভিশ্বিল্ডে B.1.617 প্ৰকাৰৰ পৰা সুৰক্ষা দিয়ে। ফলাফলবোৰে দেখুৱাইছে যে এই সংক্ৰামক ৰোগত আক্ৰান্ত হোৱাৰ আগতে চিৰাম গ্ৰহণ কৰা আৰু ক'ভিশ্বিল্ড ভেকছিনৰ পিছত চিৰাম গ্ৰহণ কৰাটোৱে দেখুৱায় যে ভেকছিনটো B.1.617 প্ৰতিৰোধী ।"

উল্লেখ্য যে,অক্সফৰ্ড বিশ্ববিদ্যালয় আৰু এষ্ট্ৰাজেনেকাৰ দ্বাৰা বিকশিত কৰা কভিশ্বিল্ড ভেকছিন ভাৰতৰ চিৰাম ইনষ্টিটিউট অফ ইণ্ডিয়াই প্ৰস্তুত কৰি আছে । আনহাতে ভাৰতীয় চিকিৎসা গৱেষণা পৰিষদ সৈতে হায়দৰাবাদস্থিত কোম্পানী ভাৰত বায়'টেকে বিকশিত কৰিছে কোভেক্সিন ভেকচিন ।
Published by: Kokil Sarma
First published: April 28, 2021, 4:22 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি