Covid19: নগাঁও, লখিমপুৰত আকৌ ক'ৰোনা। নগাঁৱত ১২জন কৰোনাত আক্ৰান্ত, লখিমপুৰত এখন হোটেলত তলা ওলমালে প্ৰশাসনে।

নগাঁৱত ক'ৰোনাত আক্ৰান্ত হৈছে ১২ গৰাকী লোক। লখিমপুৰত কোভিড-19ত আক্ৰান্ত দিল্লীৰ পৰা অহা এজন।
নগাঁৱত ক'ৰোনাত আক্ৰান্ত হৈছে ১২ গৰাকী লোক। লখিমপুৰত কোভিড-19ত আক্ৰান্ত দিল্লীৰ পৰা অহা এজন।
- News18 Assam
- Last Updated: April 6, 2021, 5:45 PM IST
নগাঁৱত ক'ৰোনাত আক্ৰান্ত হৈছে ১২ গৰাকী লোক। নগাঁৱৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়ত হোৱা ৰেপিড এণ্টিজেন টেষ্টত ধৰা পৰিছে ১২জন লোকৰ দেহত ক'ৰোনাৰ সংক্ৰমণ।
আনহাতে লখিমপুৰত কোভিড-19ত আক্ৰান্ত দিল্লীৰ পৰা অহা কালিম হাইদৰ নামৰ এজন লোক। লখিমপুৰৰ মেপল লীফ হোটেলত কেইবাদিনো ধৰি বাহৰ পাতি আছিল কালিম হাইদৰ। ইয়াৰ পিছতে হোটেলৰ ১৬ জন গ্ৰাহকৰ লগতে ১৮ জন কৰ্মচাৰীৰ চোৱাব সংগ্ৰহ কৰিছে লখিমপুৰ জিলা স্বাস্থ্য বিভাগে।