Covid19, Maharashtra: মহাৰাষ্ট্ৰত ৩০ এপ্ৰিললৈ প্ৰায় লকডাউন! চৰকাৰে দিলে কি কি খুলিব পাৰিব, কি কি বন্ধ থাকিব, তাৰ তালিকা।

News18 Assam | News18-Assam
Updated:April 4, 2021, 11:53 PM IST
Covid19, Maharashtra: মহাৰাষ্ট্ৰত ৩০ এপ্ৰিললৈ প্ৰায় লকডাউন! চৰকাৰে দিলে কি কি খুলিব পাৰিব, কি কি বন্ধ থাকিব, তাৰ তালিকা।
ৰেষ্টুৰেণ্ট, চিনেমা, মাল্টিপ্লেক্স, জীম, পাব, ছউিমিং পুল, ক্ৰীড়া প্ৰকল্প, অডিটৰিয়াম, থিয়েটাৰ চেলুন, বিউটী পাৰ্লাৰ সম্পূৰ্ণ বন্ধ থাকিব। গেলামাল, ঔষধৰ দোকান, শাক-পাচলি আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ বাহিৰে সকলোধৰণৰ দোকান ৩০ এপ্ৰিললৈ বন্ধ।

  • Share this:

মহাৰাষ্ট্ৰত প্ৰায় লকডাউন(Lockdown) সদৃশ কঠোৰ নিৰ্দেশনা জাৰি কৰিছে চৰকাৰে। অভিলেখ সংখ্যক হাৰত ক’ৰোনা(Covid19) বৃদ্ধিৰ পিছত কঠোৰ পদক্ষেপ ল’বলৈ বাধ্য হৈছে উদ্ধৱ ঠাকৰেৰ চৰকাৰে। দেওবাৰে সাপ্তাহান্তিক দুদিন সম্পূৰ্ণ লকডাউন(Lockdown) ঘোষণা কৰাৰ পিছতে আৰু বহু কঠোৰ পদক্ষেপ লৈছে চৰকাৰে।

কেবিনেট বৈঠকৰ পিছতে মহাৰাষ্ট্ৰ চৰকাৰে জাৰি কৰিছে কেইবাটাও নিৰ্দেশাৱলী।

গেলামাল, ঔষধৰ দোকান, শাক-পাচলি আৰু অত্যাৱশ্যকীয় সামগ্ৰী বিক্ৰী কৰা দোকানৰ বাহিৰে সকলোধৰণৰ দোকান ৩০ এপ্ৰিললৈ বন্ধ থাকিব মহাৰাষ্ট্ৰত।

সপ্তাহৰ শেষৰ দুদিন সম্পূৰ্ণ লকডাউন।

সকলো চৰকাৰী কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীক অনুমতি।

ৰেষ্টুৰেণ্ট, চিনেমা, মাল্টিপ্লেক্স, জীম, পাব, ছুইমিং পুল, ক্ৰীড়া প্ৰকল্প, অডিটৰিয়াম, থিয়েটাৰ চেলুন, বিউটী পাৰ্লাৰ সম্পূৰ্ণ বন্ধ থাকিব।

দশম আৰু দ্বাদশ শ্ৰেণীক এৰি সকলো বিদ্যালয়, মহাবিদ্যালয় বন্ধ থাকিব।

SBI বেংক, ষ্টক মাৰ্কেট, বীমা কোম্পানী, ঔষধালয়, স্বাস্থ্য বীমা, টেলিকম আৰু বিত্তীয় সেৱা প্ৰদানকাৰী প্ৰতিষ্ঠান, দুৰ্যোগ ব্যৱস্থাপনা প্ৰতিষ্ঠান, বিদ্যুৎ আৰু পানী যোগান কাৰ্যালয়ৰ বাহিৰে সকলো বেচৰকাৰী প্ৰতিষ্ঠানক "ঘৰৰ পৰা কাম"(Work From Home) কৰাৰ ব্যৱস্থা গ্ৰহণৰ নিৰ্দেশ।

বাছ আৰু সকলোধৰণৰ পৰিবহণ সেৱা চলি থাকিব যদিও ৫০ শতাংশ যাত্ৰীহে নিব পাৰিব। বাছত থিয় কৰাই যাত্ৰী নিব নোৱাৰিব। অটোত দুজন যাত্ৰীক অনুমতি।

দিনত ১৪৪ ধাৰা আৰু নিশা সান্ধ্য আইন বাহাল থাকিব।

অসমত পৰিস্থিতি ভয়াৱহ হোৱা নাই যদিও প্ৰতিদিনে বাঢ়ি আছে সংক্ৰমণৰ ঘটনা। এই পৰ্যন্ত লকডাউন ধৰণৰ কোনো চিন্তা কৰা নাই চৰকাৰে।
Published by: Manjumoni Borah
First published: April 4, 2021, 11:49 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি