Explained: এতিয়াৰে পৰা অতি প্ৰয়োজনীয় নথি হিচাপে চিনাক্ত হ’ব পাৰে কোভিদ ভেকছিন পাছপোৰ্ট ! Covid-19 vaccine passport কি?

News18 Assam | News18-Assam
Updated:April 16, 2021, 2:14 PM IST
Explained: এতিয়াৰে পৰা অতি প্ৰয়োজনীয় নথি হিচাপে চিনাক্ত হ’ব পাৰে কোভিদ ভেকছিন পাছপোৰ্ট ! Covid-19 vaccine passport কি?
“ভেকছিন পাছপোৰ্ট” হৈছে এনে এক নথিপত্ৰ যিয়ে দেখুৱায় যে আপুনি কোভিদ১৯ৰ বিৰুদ্ধে টীকা গ্ৰহণ কৰিছে বা শেহতীয়াকৈ আপোনাৰ ভাইৰাছৰ পৰীক্ষাৰ ফলাফল নিগেটিভ হৈছে ।

“ভেকছিন পাছপোৰ্ট” হৈছে এনে এক নথিপত্ৰ যিয়ে দেখুৱায় যে আপুনি কোভিদ১৯ৰ বিৰুদ্ধে টীকা গ্ৰহণ কৰিছে বা শেহতীয়াকৈ আপোনাৰ ভাইৰাছৰ পৰীক্ষাৰ ফলাফল নিগেটিভ হৈছে ।

  • Share this:
টীকাকৰণৰ প্ৰমাণ হিচাপে Covid-19 vaccine passport নথি ব্যৱসায়ীসকলে গ্ৰাহকক আৰু বিদ্যালয়সমূহে শিক্ষাৰ্থীৰ লগতে অভিভাৱকক আশ্বস্ত কৰাৰ এক উপায় হ'ব পাৰে ৷ যাৰ দ্বাৰা গ্ৰাহক, অভিভাৱক আৰু শিক্ষাৰ্থীসকলক জনোৱা হ’ব যে কোৰোণা ভাইৰাছৰ সংক্ৰমণ সীমিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷ লগতে ইয়ে আন্তৰ্জাতিক ভ্ৰমণতো সহায় কৰিব আপোনাক ।

কোৰোণাৰ ত্ৰাস পৰা এতিয়াও ওলাব পৰা নাই দেশ তথা বিশ্ব ৷ পুনৰ ঢৌ অহাৰ লগে লগে সংক্ৰমণৰ সংখ্যা পুনৰ দ্ৰুতগতিত বাঢ়িবলৈ আৰম্ভ কৰিছে ৷ তেনেস্থলত আহি পৰিছে “ভেকছিন পাছপোৰ্ট” তথা “ভেকছিন প্ৰমাণপত্ৰ”ৰ কথা ৷

এই “ভেকছিন পাছপোৰ্ট” তথা “ভেকছিন প্ৰমাণপত্ৰ”ৰ হৈছে এনে এক নথিপত্ৰ যিয়ে দেখুৱায় যে আপুনি কোভিদ১৯ৰ বিৰুদ্ধে টীকা গ্ৰহণ কৰিছে বা শেহতীয়াকৈ আপোনাৰ ভাইৰাছৰ পৰীক্ষাৰ ফলাফল নিগেটিভ হৈছে । যিয়ে আপোনাক সুৰক্ষিতভাৱে পুনৰ খুলিব বিচৰা দেশত প্ৰৱেশ কৰাত সহায় কৰিব ।

এই প্ৰমাণ পত্ৰবোৰ এতিয়াও বিকশিত কৰি থকা হৈছে আৰু সেইবোৰ কেনেকৈ ব্যৱহাৰ কৰা হ'ব, সেয়া সমগ্ৰ বিশ্বতে পৃথক পৃথক হোৱাৰ সম্ভাৱনা আছে ৷ বিশেষজ্ঞসকলে এই সম্পৰ্কে কয় যে এই নথি কেৱল এপত নহয়, বিনামূলীয়াকৈ কাগজত উপলব্ধ হ'ব লাগে, কিয়নো সকলোৰে হাতত স্মাৰ্টফোন নাই ।

আমেৰিকা যুক্তৰাষ্ট্ৰত, ফেডাৰেল বিষয়াসকলৰ মতে, এয়া বহলভাৱে বাধ্যতামূলক কৰাৰ কোনো পৰিকল্পনা নাই । কিছুমান ৰাজ্যত, ৰিপাব্লিকান গভৰ্ণৰসকলে ব্যৱসায় বা ৰাজ্যিক সংস্থাসমূহক টীকাকৰণৰ প্ৰমাণ বিচৰা কাৰ্যৰ পৰা বিৰত থাকিবলৈ নিৰ্দেশ জাৰি কৰিছে ।

গোপনীয়তা আৰু সুৰক্ষাৰ বাবে সাধাৰণতে বহুলোকেই এই ক্ষেত্ৰত আপত্তি দৰ্শায় ৷ কিন্তু মানুহৰ ব্যক্তিগত তথ্য কেনেদৰে নিৰপেক্ষতাৰে ঠিক কৰা হ'ব তাক লৈও চিন্তা-চৰ্চা কৰা হৈছে । সেয়েহে সমালোচকসকলে কয় যে, পাছপোৰ্টে দেশসমূহক লাভান্বিত কৰিব আৰু ভেকছিনৰ গ্ৰহণ কৰা লোকৰ সংখ্যা বৃদ্ধি কৰিব ৷

লগতে তেওঁলোকে কয় যে এই ব্যৱস্থাই দেশ পুনৰ সকলো খুলি দিয়া কাৰ্য দ্ৰুত কৰাৰ লগতে সহজ কৰিব পাৰে। টীকাকৰণৰ প্ৰমাণ হিচাপে এই নথি ব্যৱসায়ীসকলে গ্ৰাহকক আৰু বিদ্যালয়সমূহে শিক্ষাৰ্থীৰ লগতে অভিভাৱকক আশ্বস্ত কৰাৰ এক উপায় হ'ব পাৰে ৷ যাৰ দ্বাৰা গ্ৰাহক, অভিভাৱক আৰু শিক্ষাৰ্থীসকলক জনোৱা হ’ব যে কোৰোণা ভাইৰাছৰ সংক্ৰমণ সীমিত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে ৷

ইপিনে যদি মানুহে তেওঁলোকক টীকাকৰণৰ এই নথি দেখুৱাবলৈ সক্ষম হয় তেন্তে দেশসমূহৰ দ্বাৰা আন্তৰ্জাতিক ভ্ৰমণৰ নিষেধাজ্ঞাও শিথিল কৰিব পাৰি । কিছুমান দেশত কোৰোণাৰ বিৰুদ্ধে টীকাকৰণ প্ৰমাণৰ বাবে এই নথিৰ প্ৰয়োজনীয়তা দীৰ্ঘদিন ধৰি থাকিব ।

তথাপিও এই ক্ষেত্ৰত এক প্ৰত্যাহ্বান হৈছে প্ৰমাণপত্ৰৰ প্ৰণালী সৃষ্টি কৰা, যিয়ে ভেকছিন প্ৰদানকৰ্তা আৰু ব্যৱসায়ত কাম কৰিব । তেনেস্থলত কিউ আৰ কোড ব্যৱহাৰ কৰি স্মাৰ্টফোনত সংৰক্ষণ কৰিব পৰা বা কাগজত প্ৰিণ্ট কৰিব পৰা প্ৰমাণপত্ৰ বিকশিত কৰাৰ বাবে এক ডজনৰো অধিক পদক্ষেপ বৰ্তমানে চলি আছে।
Published by: Kokil Sarma
First published: April 16, 2021, 2:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি