• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • ভেকচিন গ্ৰহণ কৰা প্ৰতি ১০ হাজাৰ জনৰ ২-৪জনৰ শৰীৰতহে ক’ৰোনাৰ প্ৰৱেশ ঘটিছে আৰু তেওঁলোক হৈছে Front line worker

ভেকচিন গ্ৰহণ কৰা প্ৰতি ১০ হাজাৰ জনৰ ২-৪জনৰ শৰীৰতহে ক’ৰোনাৰ প্ৰৱেশ ঘটিছে আৰু তেওঁলোক হৈছে Front line worker

ভেকচিন লোৱাৰ পিছতো আক্রান্ত হোৱা লোক মূলতঃ স্বাথ্য কৰ্মী তথা Front line worker বুলি দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে । ভেকচিন লোৱাৰ পাছত আক্রান্ত হোৱাৰ পৰিঘটনাক ‘Breakthrough Infection' বুলি কোৱা হয় । 

ভেকচিন লোৱাৰ পিছতো আক্রান্ত হোৱা লোক মূলতঃ স্বাথ্য কৰ্মী তথা Front line worker বুলি দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে । ভেকচিন লোৱাৰ পাছত আক্রান্ত হোৱাৰ পৰিঘটনাক ‘Breakthrough Infection' বুলি কোৱা হয় । 

ভেকচিন লোৱাৰ পিছতো আক্রান্ত হোৱা লোক মূলতঃ স্বাথ্য কৰ্মী তথা Front line worker বুলি দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে । ভেকচিন লোৱাৰ পাছত আক্রান্ত হোৱাৰ পৰিঘটনাক ‘Breakthrough Infection' বুলি কোৱা হয় । 

  • Share this:
Covid-19 মহামাৰীয়ে সমগ্ৰ দেশতে সংহাৰী ৰূপ ধাৰণ কৰাৰ পিছত এতিয়া প্রতিষেধকেই ইয়াৰ অন্যতম পৰিত্ৰাণ হিচাপে চিহ্নিত হৈছে । কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰা তথ্য অনুসৰি ভেকচিনৰ বাধ্যতামূলক দুইটা পালি লোৱা প্ৰতি ১০হাজাৰ লোকৰ ২জনৰ পৰা ৪জন লোক হে Covid-19ত আক্রান্ত হৈছে । আৰু ভেকচিন লোৱাৰ পিছতো আক্রান্ত হোৱা এইসকলৰ লোক মূলতঃ স্বাথ্য কৰ্মী তথা Front line worker বুলি দাবী কৰিছে কেন্দ্ৰীয় চৰকাৰে । ভেকচিন লোৱাৰ পাছত আক্রান্ত হোৱাৰ পৰিঘটনাক ‘Breakthrough Infection' বুলি কোৱা হয় ।

চৰকাৰী তথ্য অনুসৰি ভাৰত বায়’টেক আৰু Indian Council for Medical Researchএ যুটীয়া ভাৱে প্ৰস্তুত কৰা প্রতিষেধক Covaxin এতিয়ালৈ প্ৰায় ১.১কোটি লোকে গ্ৰহণ কৰিছে । ইয়াৰে প্ৰথম পালি গ্ৰহণ কৰা লোকৰ সংখ্যা হৈছে ৯৩ লাখ । এই সকলৰ ভিতৰত মাথোঁ ৪২০৮গৰাকী লোক আক্রান্ত হৈছে - অৰ্থাৎ শতকৰা ০.০৪জন লোক আক্রান্ত হৈছে । অন্যহাতেদি দুয়োটা পালি ভেকচিন লোৱা লোকৰ সংখ্যা হৈছে ১৭ লাখ । এই সকলৰ ভিতৰত আক্রান্ত হোৱা লোকৰ সংখ্যা হৈছে ৬৯৫জন - অৰ্থাৎ পুনৰ ০.০৪শতাংশ । ICMRৰ সঞ্চালক প্ৰধান বলৰাম ভাৰ্গৱে এই তথ্য প্ৰকাশ কৰি সকলোকে ভেকচিন ল’বলৈ আহ্বান জনায় ।

উল্লেখযোগ্য যে অক্সফোৰ্ড বিশ্ববিদ্যালয়ে উদ্ভাৱন কৰা ভেকচিনৰ আৰ্হিত Serum Instituteএ প্রস্তুত কৰা Covishieldও যথেষ্ট ফলপ্ৰসূ হিচাপে পৰিগণিত হৈছে । দেশত এতিয়ালৈ প্ৰায় ১০কোটি লোকে এই ভেকচিনৰ প্ৰথম পালি গ্ৰহণ কৰিলে । এইসকলৰ মাজত শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি ধৰা পৰা লোকৰ সংখ্যা হৈছে ১৭১৪৫জন - অৰ্থাৎ ০.০২শতাংশ । আনহাতে এই ভেচকিনৰ দুইটা পালি গ্ৰহণ কৰিছে প্ৰায় ১.৫কোটি লোকে আৰু এওঁলোকৰ ভিতৰত আক্রান্ত হৈছে ৫০১৪জন লোক - অৰ্থাৎ ০.০৩শতাংশ ।

বলৰাম ভাৰ্গৱে জনোৱা অতি নগণ্য সংখ্যক লোক ভেকচিন লোৱাৰ পিছত আক্রান্ত হৈছে আৰু এইসকল লোক হৈছে মূলতঃ স্বাস্থ্য কৰ্মী তথা Front line Workers । বিপদসংকুল পৰিস্থিতিৰ মোকাবিলা কৰা থকাৰ কাৰণে এই সকল লোক ভেকচিন লোৱাৰ পিছতো আক্রান্ত হৈছে বুলি জানিবলৈ দিয়ে ICMRৰ মূৰব্বী গৰাকীয়ে । তেওঁ কয় – বৰ্তমান দেখা দিয়া Double Mutant Variantৰ অতি মাত্ৰা বিয়পিব পৰা ক্ষমতা নথকা হ’লে ভেকচিন লৈ আক্রান্ত হোৱা লোকৰ সংখ্যা শূন্য হ’ল হয় ।
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি