মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Children Corona Vaccination: অচিৰেই এক ডাঙৰ সকাহ! ছেপ্টেম্বৰৰ পৰা দেশত শিশুৰ কোৰোণা টীকাকৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা

Children Corona Vaccination: অচিৰেই এক ডাঙৰ সকাহ! ছেপ্টেম্বৰৰ পৰা দেশত শিশুৰ কোৰোণা টীকাকৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা

Manjumoni Borah | News18-Assam
Updated:August 18, 2021, 7:33 PM IST
Children Corona Vaccination: অচিৰেই এক ডাঙৰ সকাহ! ছেপ্টেম্বৰৰ পৰা দেশত শিশুৰ কোৰোণা টীকাকৰণ আৰম্ভ হোৱাৰ সম্ভাৱনা
দেশত এতিয়া ২ৰ পৰা ১৮ বছৰৰ বয়সৰ শিশুৰ মাজত কোৰোণা প্ৰতিষেধক (Corona Vaccine Child)ৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষা (Trial) অব্যাহত আছে। ইয়াৰ মাজতে ICMR-NIVয়ে এই কথা সদৰী কৰিছে যে দেশত অতি সোনকালে শিশুকো কোৰণাৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিব পৰা যাব। 

দেশত এতিয়া ২ৰ পৰা ১৮ বছৰৰ বয়সৰ শিশুৰ মাজত কোৰোণা প্ৰতিষেধক (Corona Vaccine Child)ৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষা (Trial) অব্যাহত আছে। ইয়াৰ মাজতে ICMR-NIVয়ে এই কথা সদৰী কৰিছে যে দেশত অতি সোনকালে শিশুকো কোৰণাৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিব পৰা যাব। 

  • Share this:
কোৰোণাৰ সংক্ৰমণ, বিশেষকৈ তৃতীয় লহৰত (Covid19 Third Wave) কোৰোণাত অধিক সংখ্যক শিশু সংক্ৰমিত হ'ব বুলি চৰ্চিত হৈ থকাৰ সময়তে দেশবাসীলৈ, বিশেষকৈ অভিভাৱকসকললৈ সুখবৰ দিছে চৰকাৰে। ভাৰতত অচিৰেই শিশুৰ কোৰোণা প্ৰতিষেধক (Corona Vaccine) প্ৰদান প্ৰক্ৰিয়া আৰম্ভ হোৱাৰ সম্ভাৱনা আছে। উল্লেখ্য ভাৰতত ১৮ বছৰৰ ওপৰৰ লোককহে কোৰোণাৰ ভেকচিন দি থকা হৈছে।

দেশত এতিয়া ২ৰ পৰা ১৮ বছৰৰ বয়সৰ শিশুৰ মাজত কোৰোণা প্ৰতিষেধকৰ দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ পৰীক্ষা (Trial) অব্যাহত আছে। ইয়াৰ মাজতে ICMR-NIVয়ে এই কথা সদৰী কৰিছে যে দেশত অতি সোনকালে শিশুকো কোৰণাৰ প্ৰতিষেধক প্ৰদানৰ কাম আৰম্ভ কৰিব পৰা যাব।  ICMR-NIV পৰিচালক প্ৰিয়া আব্ৰাহাম (Priya Abraham)এ কয় যে ভাৰতত ছেপ্টেম্বৰৰ ভিতৰত শিশুসকলক কোৰোণা প্ৰতিষেধক প্ৰদান কৰিব পৰা যাব। প্ৰিয়া আব্ৰাহামে আশা প্ৰকাশ কৰে যে পৰীক্ষণসমূহৰ ফলাফল অতি সোনকালেই হাতত পৰিব আৰু সেইবোৰ নিয়ামক আয়োগক লগে লগে দাখিল কৰা হ'ব। তাৰ পিছতে ভেকচিন প্ৰদানৰ প্ৰক্ৰিয়া সুচল হ'ব। প্ৰিয়া আব্ৰাহামৰ মতে ছেপ্টেম্বৰৰ শেষৰ পিনে নহ'লেও অক্টোবৰত শিশুক ভেকচিন দিয়া কাম আৰম্ভ কৰিব পৰা যাব।

ইপিনে ছেৰাম ইনষ্টিটিউট (Serum Institute)ৰ চিইঅ' (CFO) অদূৰ পুনাৱালাই কয় যে অক্টোবৰৰ প্ৰথম ভাগতে ভাৰতত কোভোভেক্স (covovax ) ভেকচিন মুকলি হ'ব।

এইমছৰ (AIIMS) অধ্যক্ষ ৰণদ্বীপ গুলেৰিয়ায়ো অলপতে কৈছিল যে ভাৰতত ছেপ্টেম্বৰৰ ভিতৰতে শিশুক ভেকচিন দিব পৰা যাব।

উল্লেখ্য যে দ্বিতীয় লহৰৰ প্ৰকোপ নকমোতেই তৃতীয় লহৰে শিশুসকলক অধিক আক্ৰান্ত কৰিব বুলি বাতৰি ওলোৱাৰ পিছতে  শংকা বাঢ়িছে দেশবাসীৰ। এনে সময়তে শিশুক ভেকচিন প্ৰদানক লৈ এই বাতৰি অতি ইতিবাচক।
Published by: Manjumoni Borah
First published: August 18, 2021, 7:33 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি