• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid কালত music therapyৰ মাধ্যমেৰে বহু আক্ৰান্তৰ মুখত হাঁহি বিৰিঙাইছে গায়ক বিক্ৰমজিতে...

Covid কালত music therapyৰ মাধ্যমেৰে বহু আক্ৰান্তৰ মুখত হাঁহি বিৰিঙাইছে গায়ক বিক্ৰমজিতে...

মিউজিক থেৰাপীৰ কথা আমি শুনিছো। গীত বা সংগীতে আমাৰ মানসিক অৱসাদ দূৰ কৰাৰ লগতে শাৰীৰিকভাবেও সষ্টম হৈ থকাৰ অনুপ্ৰেৰণা যোগায়। এছোচিয়েট এডিটৰ নিলয় ভট্টাচাৰ্যই যুগুতাইছে কোভিডৰ অই সংকটকালত মিউজিক থেৰাপীৰ আন এক যোগাত্মক কাহিনী।

  • Share this:

মানুহজনৰ নাম বিক্ৰমজিত বাউলীয়া। পোছাকী নাম বিক্ৰমজিত কৰ। পেছা ঔষধৰ বিপনীৰ মালিক, বিপৰীতে নিচা সংগীত সাধনা, বাউল গীতৰ সাধক।

বিক্ৰমজিত বাউলিয়েই শেহতীয়াকৈ বহু কেইগৰাকী কোভিড ৰোগীৰ বাবে হৈ পৰিছে অতি আপোন নাম। কোভিড ৰোগীসকলে, বিশেষকৈ পোষ্ট কোভিড সময়ত বিভিন্ন আনুষংগিক অসুবিধাত ভোগা ৰোগীসকলে তেওঁলৈ ফোনতে আগবঢ়ায় ফৰমাইছ, হয় গীত গাবলৈ অনুৰোধ কৰে। বিক্ৰমজিতৰ এই নতুন সেৱামূলক কামৰ ইয়াৰ আৰম্ভণি হৈছিল এটা ফোন কলৰ পৰাই।

হঠাত্ এদিন পুৱা মোবাইলৰ ৰিং ট’ন বাজি উঠিছিল,বিক্ৰমজিতে ৰিচিভ কৰিলে ফোনটো। সিমূৰৰ পৰা অনুৰোধ আহিল- “একটা গান গাওনা”। কিছুসময় মনে মনে থাকিল বিক্ৰমজিতে। একো নুবুজি থতমত্ খোৱাৰ দৰে হল তেওঁ। কিন্তু নিৰাশ নকৰিলে-ফোনতেই গাই শুনালে নিজৰেই প্ৰিয় দুটিমান বাউল গীত।

সেই যে আৰম্ভণি হ'ল, তাৰ পাছত ইটোৰ পাঠত সিটো ফোন কল যাবলৈ ধৰিলে বিক্ৰমজিতৰ ফোনলৈ। সকলোৰে এটাই আবদাৰ-গীত এটি গোৱানা। কাকোৱেই বিমুখ কৰা নাই বিক্ৰমজিতে। এদিন সংগীতেৰে নিজৰ পৰিচয় দিয়াৰ বাবে কলকাতালৈ ওলাই যোৱা বিক্ৰমজিত প্ৰতিযোগিতামূলক গীতৰ জগতখনত প্ৰতিষ্ঠা লাভ কৰিব নোৱাৰিলেও আজি এই গীতেই তেওঁৰ বাবে হে পৰিল পৰিচয়। গীতৰ দ্বাৰাই বিক্ৰমজিতে বিৰিঙাইছে বহু ৰুগীয়াৰ মুখত হাঁহি। আজিৰ তাৰিখত এনে প্ৰায় আঢ়ৈশ ৰোগীয়ে সদায় পুৱা গধূলি বিক্ৰমজিতৰ গীত শুনিবলৈ ফোন কৰে। অধীৰ আগ্ৰহেৰে বাট চাই ৰয়।গীতেৰেই দূৰ কৰে তেঁওলোকৰ মানসিক অৱসাদ, মনে মনে পণ লয়, কোভিডৰূপী অসুৰটোক ধূলিস্যাত্ কৰিব।
Published by:Kokil Sarma
First published: