এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা মতে Sniffer dogএ শুঙি মানুহৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি নিৰ্ধাৰণ কৰিব পাৰে; এক ফৰাচী গৱেষণাত সদৰী কৰা হৈছে এই তথ্য ।
এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা মতে Sniffer dogএ শুঙি মানুহৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি নিৰ্ধাৰণ কৰিব পাৰে; এক ফৰাচী গৱেষণাত সদৰী কৰা হৈছে এই তথ্য ।
এইবাৰ মানুহৰ পৰম বন্ধু কুকুৰে সহযোগ কৰিব মানুহৰ Covid-19ৰ বিৰুদ্ধে যুঁজখনত । কাৰণ কুকুৰে নিজৰ শক্তিশালী ঘ্ৰাণ শক্তিৰে চিনাক্ত কৰিব পাৰে Covid-19ত আক্ৰান্ত ৰোগী । আজি এক আন্তৰ্জাতিক সংবাদ প্ৰতিষ্ঠানত প্ৰকাশ পোৱা মতে Sniffer dogএ শুঙি মানুহৰ শৰীৰত ক’ৰোনা ভাইৰাছৰ অৱস্থিতি নিৰ্ধাৰণ কৰিব পাৰে; এক ফৰাচী গৱেষণাত সদৰী কৰা হৈছে এই তথ্য । প্ৰাণী-বিজ্ঞানী আৰু পশু চিকিৎসকৰ এটা দলে গৱেষণা কৰি পোৱা মতে কুকুৰে ৯৭শতাংশ সঠিকভাৱে আক্ৰান্ত লোকক চিনাক্ত কৰিব পাৰে আৰু ৯১শতাংশ শুদ্ধতাৰ মাত্ৰাৰে আক্রান্ত নোহোৱা লোকক চিনাক্ত কৰিব পাৰে । বিজ্ঞানী তথা বিশেষজ্ঞ কেইজনে দাবী কৰা মতে কুকুৰৰ এই পাৰদৰ্শিতা Rapid Antigen Testৰ সঁজুলিতকৈ অধিক ।
উল্লেখযোগ্য যে, এই অভিনৱ পৰীক্ষা কৰা হৈছিল পেৰিচৰ সমীপৰ Maisons Alfortৰ National Veterinary Schoolত । এই পৰীক্ষাত ৩৩৫জন লোকে আৰু ৯টা প্ৰশিক্ষণ প্ৰাপ্ত কুকুৰে অংশগ্ৰহণ কৰিছিল । ৩৩৫জনৰ ভিতৰত ১০৯জন Covid-19ত আক্রান্ত হৈ আছিল ।
যদিহে বিশেষ ভাৱে প্ৰশিক্ষণপ্ৰাপ্ত কুকুৰৰ এই গুণাগুণ আছে; তেন্তে কুকুৰ মহামাৰী প্ৰতিৰোধত ব্যাপক সহায়কাৰী আহিলা হিচাপে পৰিগণিত হ’ব পাৰে বুলি মন্তব্য কৰিছে সচেতন মহলে । বিশেষকৈ ৰাজহুৱা স্থান যেনে ৰেল ষ্টেছন, বিমানবন্দৰ আদিত যাত্রীক পৰীক্ষা কৰিবলৈ কুকুৰ মোতায়েন কৰিব পৰা যায় । এই পদ্ধতিৰে কোনো যাত্রীৰ শৰীৰ স্পৰ্শ নকৰাকৈ চেকেণ্ডৰ ভিতৰত তেওঁ পজিটিভ নে নেগেটিভ নিৰ্ধাৰণ কৰিব পৰা যাব বুলি মন্তব্য বহুজনৰ ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|