দেশৰ বিভিন্ন প্ৰান্তত ক'ভিড-১৯ৰ বাবে বন্ধ হৈ পৰিছে বহু অনুষ্ঠান। অসমতো শেহতীয়াকৈ বৃদ্ধি পাইছে ক'ভিড-১৯ৰ আক্ৰান্তৰ সংখ্যা।ইয়াৰ মাজতে বঙাইগাঁও শোধনাগাৰ উপনগৰীত ক’ৰোণা সংক্ৰমণৰ আশংকা ৷
ক’ভিড ১৯ সংক্ৰমণ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি বঙাইগাঁও শোধনাগাৰ উপনগৰীত থকাত দুখনকৈ শিক্ষানুষ্ঠান সাময়িকভাৱে বন্ধ ঘোষণা ৷ অহা বিশ এপ্ৰিললৈ বন্ধ থাকিব বঙাইগাঁও শোধনাগাৰ উচ্চ মাধ্যমিক বিদ্যালয় আৰু দিল্লী পাব্লিক স্কুল ৷ শেহতীয়াভাৱে বঙাইগাঁও শোধনাগাৰ উপনগৰীৰ আৱাসী ক’ভিত-১৯ত আক্ৰান্ত হোৱাৰ ফলত শোধনাগাৰ কৰ্তৃপক্ষই শিক্ষানুষ্ঠান দুখন বন্ধ কৰাৰ নিৰ্দেশ দিয়ে ৷