• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid 19 Rules Violation : প্ৰতিদিনেই ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ, তথাপিও নাই সজাগতা; জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে নিতৌ বজাৰ।

Covid 19 Rules Violation : প্ৰতিদিনেই ভয়াৱহ হাৰত বৃদ্ধি পাইছে ক'ভিড সংক্ৰমণ, তথাপিও নাই সজাগতা; জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখতে নিতৌ বজাৰ।

সন্ধ্যা হোৱাৰ লগে লগে সান্ধ্য আইন উলংঘা কৰি চহৰখনৰ পানীগাঁও চাৰিআলিৰ পৰা ডিমৰুগুৰিলৈ এই পথছোৱাত সন্ধ্যা মাস্ক অবিহনেই একাংশ লোকে সান্ধ্য ভ্ৰমণৰ নামত ব্যাপক ভিৰ কৰাও পৰিলক্ষিত হৈছে।

  • Share this:
ক'ভিড সংক্ৰমণ বৃদ্ধিৰ বাবে ৭খন জিলাৰ লগতে নগাঁও জিলাতো পূৰ্ণ লকডাউন দিয়াৰ সম্ভাৱনাৰ কথা মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰাৰ পিছতো নগাঁৱৰ একাংশ ৰাইজে যেন ক'ভিডৰ ভয়াৱহতাক উপেক্ষা কৰিছে।

নগাঁৱত নিতৌ ব্যাপক হাৰত ভংগ হৈছে ক'ভিড বিধি। আনকি নগাঁও জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ নিচেই ওচৰতে থকা নেহেৰুবালিৰ শাক-পাচলি বজাৰত ব্যাপক হাৰত হোৱা জনসমাগমে বিপদ মাতিছে জিলাখনৰ ৰাইজলৈ। একেদৰে বৰবজাৰৰ পাইকাৰী মাছবজাৰ, সদৰ আৰক্ষী থানাৰ সন্মুখৰ পাইকাৰী বজাৰ আদিত নিতৌ উলংঘা হৈছে ক'ভিড বিধি।  ইয়াৰ উপৰিও ই-ৰিক্সা চালক সকলে ক'ভিড বিধি উলংঘা কৰি সান্ধ্য আইনৰ পিছতো ই-ৰিক্সাৰ চলাচল অব্যাহত ৰাখিছে। এইক্ষেত্ৰত আৰক্ষীয়েও কোনোধৰণৰ কঠোৰ ব্যৱস্থা ই-ৰিক্সা চালক সকলৰ বিৰুদ্ধে গ্ৰহণ নকৰাৰ ফলত নিতৌ ই-ৰিক্সা চালক সকলে এইদৰে ক'ভিদ বিধি ভংগ কৰাও দেখা গৈছে।

আনহাতে, সন্ধ্যা হোৱাৰ লগে লগে সান্ধ্য আইন উলংঘা কৰি চহৰখনৰ ৰাজপথত একাংশ লোকে সান্ধ্য ভ্ৰমণৰ নামত নিতৌ ৰাজপথত ভিৰ কৰাও দেখা যায়। বিশেষকৈ চহৰখনৰ পানীগাঁও চাৰিআলিৰ পৰা ডিমৰুগুৰিলৈ এই পথছোৱাত সন্ধ্যা মাস্ক অবিহনেই একাংশ লোকে সান্ধ্য ভ্ৰমণৰ নামত ব্যাপক ভিৰ কৰাও পৰিলক্ষিত হৈছে। সেয়ে ব্যাপক হাৰত ক'ভিদ বিধি উলংঘা কৰাৰ ফলশ্ৰুতিতে নিশ্চিত লকডাউনৰ দিশে আগবাঢ়িছে নগাঁও জিলা।
Published by:Manjumoni Borah
First published: