পাছত মাতৃ আৰু নৱজাতক কন্যা শিশুটিক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
পাছত মাতৃ আৰু নৱজাতক কন্যা শিশুটিক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
নাজিৰাত কোভিড পজিটিভ (Covid Positive) এগৰাকী মহিলাই এম্বুলেন্সতে জন্ম দিলে এটি কন্যা সন্তানৰ৷ নাজিৰা অসামৰিক চিকিৎসালয়ৰ চৌহদৰ ঘটনা এয়া ৷
নাজিৰা লক্ষ্মীজান চাহবাগিছাৰ এগৰাকী কোভিড পজিটিভ গৰ্ভৱতী মহিলাক এম্বুলেন্সেৰে জয়সাগৰস্থিত শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নি থকা অৱস্থাত প্ৰসৱ বেদনাৰ বাবে লিগিৰীপুখুৰীস্থিত কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া সোঁৱৰণি নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লৈ অনা হয় ৷ কিন্তু নাজিৰা মহকুমা অসামৰিক চিকিৎসালয়লত প্ৰবেশৰ পূৰ্বে এম্বুলেন্সৰ ভিতৰত মহিলাগৰাকীয়ে প্ৰসৱ কৰে কন্যা সন্তানটি ৷
পৰৱৰ্তী সময়ত চিকিৎসকসকলৰ তৎপৰতাত মাতৃ আৰু শিশুটিক চিকিৎসা প্ৰদান কৰা হয়৷ চিকিৎসালয়খনত মাতৃ আৰু নৱজাতক শিশু পৰিচৰ্যাৰ কোঠা আৰু বিচনাৰ অভাৱৰ বাবে মাতৃ আৰু নৱজাতক কন্যা শিশুটিক শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয় ৷
Published by:Manjumoni Borah
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|