உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • Covidৰ বিৰুদ্ধে যুঁজ দিবলৈ এসপ্তাহলৈ কোনো সমস্যা নাই, মজুত আছে ৪লাখৰো অধিক ভেকচিন, মজুত আছে ১২হাজাৰ Remdeisvir: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    Covidৰ বিৰুদ্ধে যুঁজ দিবলৈ এসপ্তাহলৈ কোনো সমস্যা নাই, মজুত আছে ৪লাখৰো অধিক ভেকচিন, মজুত আছে ১২হাজাৰ Remdeisvir: মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

    কোভিডৰ বিৰুদ্ধে যুজিবলৈ ৰাজ্যত এসপ্তাহলৈ কোনো সমস্যা নাই ৷ ৭ দিনৰ বাবে ৰাজ্যত মজুত অক্সিজেন, ৰেমডেচিবিৰ, ভেকচিন, ICU ৷

    কোভিডৰ বিৰুদ্ধে যুজিবলৈ ৰাজ্যত এসপ্তাহলৈ কোনো সমস্যা নাই ৷ ৭ দিনৰ বাবে ৰাজ্যত মজুত অক্সিজেন, ৰেমডেচিবিৰ, ভেকচিন, ICU ৷

    কোভিডৰ বিৰুদ্ধে যুজিবলৈ ৰাজ্যত এসপ্তাহলৈ কোনো সমস্যা নাই ৷ ৭ দিনৰ বাবে ৰাজ্যত মজুত অক্সিজেন, ৰেমডেচিবিৰ, ভেকচিন, ICU ৷

    • Share this:
    কোভিডৰ বিৰুদ্ধে যুজিবলৈ ৰাজ্যত এসপ্তাহলৈ কোনো সমস্যা নাই ৷ ৭ দিনৰ বাবে ৰাজ্যত মজুত অক্সিজেন, ৰেমডেচিবিৰ, ভেকচিন, ICU ৷ শনিবাৰৰ দিনটোত ৰাজ্যত মজুত আছে ৪ লাখ ৬হাজাৰ ভেকচিন ৷ মজুত ৰাজ্যত ১২ হাজাৰ ৰেমডিচিবিৰ ৷ অক্সিজেনৰ সমস্যা দূৰ কৰিবলৈ ৰাজ্যত সাজু কৰি তোলা হৈছে ৮ টা মিনি অক্সিজেন প্লাণ্ট। অৱশ্যে নতুনকৈ ১০, ১২ টা অক্সিজেন প্লাণ্টৰ কথা চিন্তা চৰ্চা অব্যাহত ৰাখিছে স্বাস্হ্য বিভাগে ৷ জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ৷

    ৰাজ্যত পূৰ্বতকৈ ভয়ংকৰ ৰূপত বিয়পিছে মহামাৰীয়ে ৷ গণ সংক্ৰমণৰ ৰূপ পাইছে মহামাৰীয়ে ৷ সেয়ে জনতাক অধিক সাৱধানতা অৱলম্বন হোৱাৰ আহ্বান স্বাস্হ্য মন্ত্ৰীৰ৷ ৰাজ্য চৰকাৰৰ এক সিদ্ধান্ত অনুসৰি, এতিয়াৰ পৰা এগৰাকী ৰোগীৰ বাবদ দৈনিক খৰছ কৰিব ৩০০ টকা ৷ ৩০০ টকাত লাভ কৰিব ব্ৰেকফ্ৰাষ্ট, দুপৰীয়াৰ আহাৰ, নিশাৰ আহাৰ আৰু পানী ৷ অৱশ্যে খাদ্য প্ৰয়োজনৰ বাবদ থাকিব ৷ কেয়াৰ চেণ্টাৰৰ সন্মুখত থাকিব কেণ্টিন ৷ তাৰ পৰা ৰোগীসকলে ল'ব পাৰিব খাদ্য ৷ ইপিনে এই কোভিডৰ সময়তে একাংশ লোক উভতিছে নিজ গৃহলৈ ৷ ইয়াৰবাবে গাঁও অঞ্চলসমূহত গ্ৰহণ কৰা হৈছে হোম কোৱাৰেণ্টাইনৰ ব্যৱস্থা ৷ উপায়ুক্তৰ নিৰ্দেশমতে গাঁওবুঢ়া, পঞ্চায়তে সমিতিয়ে নিৰ্ণয় কৰিব স্থান ৷ সংবাদ মাধ্যমৰ সন্মুখত মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷
    Published by:Kokil Sarma
    First published: