শুকুৰবাৰে ৰাজ্যত এদিনত Coronaত আক্ৰান্তৰ সংখ্যাই পাৰ কৰিলে ২হাজাৰৰ ঘৰ। ৩.২৯ শতাংশলৈ বৃদ্ধি আক্ৰান্তৰ হাৰ।
শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত Covid-19ত আক্ৰান্ত হয় ২,৩৮৪জন আৰু মৃত্যু হয় ১২ জন লোকৰ।
শুকুৰবাৰৰ দিনটোত ৰাজ্যখনত Covid-19ত আক্ৰান্ত হয় ২,৩৮৪জন আৰু মৃত্যু হয় ১২ জন লোকৰ।
- News18 Assam
- Last Updated: April 24, 2021, 8:40 AM IST
২৪ ঘণ্টাত ৭২,৪০৫জন লোকৰ ক'ভিড পৰীক্ষা সম্পন্ন কৰা হৈছিল আৰু ইয়াৰে ২,৩৮৪জন লোকৰ পজিটিভ আহে। সৰ্বাধিক আক্ৰান্ত হয় কামৰূপ মহানগৰ জিলাত ৮৮৩জন। কামৰূপ গ্ৰাম্য জিৱলাত ১৫৯জন, ডিব্ৰুগড় ১৫৪জন আৰু নগাঁও জিলাৰ ১০০জন লোক আক্ৰান্ত হয়। আক্ৰান্তৰ হাৰ ৩.২৯ শতাংশলৈ বৃদ্ধি পাইছে।












