• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • ৰাজ্যত দূৰ হৈছেনে ক'ভিড ভেকচিনৰ নাটনি? প্ৰয়োজন অনুসৰি ভেকচিন মজুত আছেনে?

ৰাজ্যত দূৰ হৈছেনে ক'ভিড ভেকচিনৰ নাটনি? প্ৰয়োজন অনুসৰি ভেকচিন মজুত আছেনে?

অসমত এতিয়া মজুত আছে ৬ লাখ ভেকচিন। বিপৰীতে মজুত থাকিব লাগে ১০ লাখ ভেকচিন। কিয়নো এতিয়াও প্ৰায় ১০ লাখ লোকে দ্বিতীয় পালি ভেকচিন ল'বলৈ বাকী আছে।

  • Share this:
ৰাজ্যত চৰকাৰী, ব্যক্তিগত দুই খণ্ডত প্ৰয়োজন অনুসৰি নাই ভেকচিন ৷ প্ৰয়োজনৰ বিপৰীতে ৰাজ্যত মজুত প্ৰায় ৬ লাখ ভেকচিন ৷ প্ৰশ্ন হৈছে, প্ৰয়োজনীয় ভেকচিনৰ অভাৱত পৰিছে নেকি ৰাজ্যৰ স্বাস্হ্য বিভাগ? ৰাজ্যত এই পৰ্য্যন্ত কোভিডৰ প্ৰথম পালি প্ৰদান কৰা হৈছে ১২ লাখ ৮৪ হাজাৰ ৪ শ ৩২ গৰাকী লোকক।

বিপৰীতে দ্বিতীয়টো পালি প্ৰদান কৰা হৈছে ২ লাখ ৮২ হাজাৰ ৯ শ ৯০ গৰাকী লোকক ৷ স্বাস্হ্য বিভাগৰ এক নিৰ্দেশ অনুসৰি প্ৰথম পালি প্ৰদান কাৰীৰ বিপৰীতে মজুত থাকিব লাগে দ্বিতীয় পালি ৷ যাতে নিৰ্দিষ্ট সময়ত প্ৰথম পালি লাভ কৰি দ্বিতীয়টো পালি প্ৰদান কৰিব পাৰে ৷ সেই অনুসৰি ৰাজ্যত মজুত থকিব লাগে প্ৰায় ১০ লাখ ভেকচিন ৷ বিপৰীতে ৰাজ্যৰ স্বাস্হ্য বিভাগত আছে মাথোন ৬ লাখ ভেকচিন ৷

ইপিনে ৰাজ্যৰ একাংশ ব্যক্তিগত খণ্ডৰ হাস্পতালে ভেকচিন মজুত কৰি সমস্যাৰ সৃষ্টি কৰা বুলি গুৰুত্বপূৰ্ণ মন্তব্য স্বাস্হ্য আৰু পৰিয়াল কল্যাণ সঞ্চালকালয়ৰ সঞ্চালকৰ ৷ প্ৰশ্ন হৈছে এতিয়া যদি, কেন্দ্ৰীয় স্বাস্হ্য মন্ত্ৰণালয়ে সঠিক সময়ত ভেকচিন প্ৰদান নকৰে তেন্তে নিৰ্দিষ্ট সময়ত দ্বিতীয় পালি ভেকচিন লাভৰ পৰা ৰাজ্যৰ লাখ লাখ লোক বঞ্চিত হব নেকি?
Published by:Kokil Sarma
First published:

শেহতীয়া বাতৰি