বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / Corona / COVID-19 টীকাকৰণ: গাওঁ আৰু নগৰাঞ্চলৰ ভিন্নতা

COVID-19 টীকাকৰণ: গাওঁ আৰু নগৰাঞ্চলৰ ভিন্নতা

COVID-19 টীকাকৰণ: গাওঁ আৰু নগৰাঞ্চলৰ ভিন্নতা

ভাৰতৰ প্ৰায় 60-70 শতাংশ জনসংখ্যা গাঁৱত বাস কৰে। 2011 চনৰ জৰীপ মতে, নগৰ, চহৰ (অৰ্ধনগৰ) আৰু গাঁৱৰ জনসংখ্যাৰ পৰিমাপ আছিল ক্ৰমান্বয়ে: 13.6 %, 13.6% আৰু 72.8%। বহুতেই আশংকা কৰিছিল যে নগৰৰ তুলনামূলকভাৱে উৎকৃষ্ট আৰু সুচল স্বাস্থ্য ব্যৱস্থাৰ বাবে ভেকচিন প্ৰদান নগৰাঞ্চলতহে বেছি হ’ব। Covid-19 টীকাকৰণ ভাৰতত আৰম্ভ হওঁতে এই বিষয়টোও এক উদ্বেগৰ কাৰণ আছিল। হিন্দুস্তান টাইমছে 2021 চনৰ জুন মাহৰ এক সমীক্ষাত দেখুৱাইছিল যে নগৰৰ বাসিন্দাসকলৰ টীকাকৰণৰ হাৰ গাওঁ বা চহৰৰ মানুহৰ দুগুণ।

    News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

    ভাৰতৰ প্ৰায় 60-70 শতাংশ জনসংখ্যা গাঁৱত বাস কৰে। 2011 চনৰ জৰীপ মতে, নগৰ, চহৰ (অৰ্ধনগৰ) আৰু গাঁৱৰ জনসংখ্যাৰ পৰিমাপ আছিল ক্ৰমান্বয়ে: 13.6 %, 13.6% আৰু 72.8%। বহুতেই আশংকা কৰিছিল যে নগৰৰ তুলনামূলকভাৱে উৎকৃষ্ট আৰু সুচল স্বাস্থ্য ব্যৱস্থাৰ বাবে ভেকচিন প্ৰদান নগৰাঞ্চলতহে বেছি হ’ব। Covid-19 টীকাকৰণ ভাৰতত আৰম্ভ হওঁতে এই বিষয়টোও এক উদ্বেগৰ কাৰণ আছিল। হিন্দুস্তান টাইমছে 2021 চনৰ জুন মাহৰ এক সমীক্ষাত দেখুৱাইছিল যে নগৰৰ বাসিন্দাসকলৰ টীকাকৰণৰ হাৰ গাওঁ বা চহৰৰ মানুহৰ দুগুণ।

    বিজ্ঞাপন

    মে’ ৰ পৰা জুলাই মাহৰ ভিতৰতো সমীক্ষাটো সঁচা বুলিয়েই প্ৰমাণিত হয়, কিয়নো তেতিয়াও নগৰৰ তুলনাত গাঁৱত টীকাকৰণ সুচল নাছিল। অৱশেষত, আশানুৰূপভাৱে সংশোধিত টীকাকৰণ আঁচনিৰ ফলত গাওঁ অঞ্চলত টীকাকৰণৰ হাৰ বিগত কেইটামান মাহত বাঢ়িবলৈ ধৰে। অৱশ্যে ৰাজ্যভেদে এই হাৰ এতিয়াও পৃথক। মুঠৰ ওপৰত, সামগ্ৰিকভাৱে ভিতৰুৱা জিলাবোৰত প্ৰতি 1000 ৰ বিপৰীতে 489 জনক আৰু নগৰৰ জিলাবোৰত 451 জনক ভেকচিনৰ পালি দিয়া হৈছে। কিন্তু এতিয়াও আত্মসন্তুষ্টিৰ সময় অহা নাই।যদিহে আমি প্ৰাপ্তবয়স্কসকলৰ বাবে 100% প্ৰতিৰোধ সম্ভৱপৰ হৈ উঠাটো বিচাৰো, তেন্তে চৰকাৰী টীকাকৰণ সহজ আৰু সুচল কৰি তুলিব লাগিব।

    এই কথা অপ্ৰিয় সত্য যে গ্ৰামাঞ্চলৰ স্বাস্থ্যসেৱা এতিয়াও বহু নিম্নমানৰ। যদিও সামগ্ৰিকভাৱে ডাক্তৰ, নাৰ্চ আৰু অন্যান্য স্বাস্থ্যকৰ্মীৰ সংখ্যা প্ৰয়োজন অনুযায়ী গোটেই ভাৰততে কম , তথাপি গ্ৰামাঞ্চলত বেছিকৈ শোচনীয়। স্বাস্থ্যখণ্ডৰ সুচলতাৰ সমস্যাটো নগৰৰ তুলনাত গাঁৱত বেছি। সেয়ে গাঁৱৰ দুৰ্গম অঞ্চলত ভেকচিন সুচল কৰাটো এক ডাঙৰ প্ৰত্যাহ্বান। তদুপৰি বিশেষভাৱে সক্ষম লোক, বৃদ্ধসকল আৰু বিভিন্ন ৰোগত আক্ৰান্ত লোকসকলক ভেকচিন প্ৰদান কৰাটো মনোযোগ দিবলগীয়া কথা। আহিবলগীয়া তৃতীয়টো ঢৌৱে ভেকচিন প্ৰাপ্তসকলৰ তুলনামূলকভাৱে কম ক্ষতি কৰিব।

    বিজ্ঞাপন

    কিছুমান জিলাই ভেকচিন কেন্দ্ৰবোৰত ঠাইতে ভেকচিন পঞ্জীয়নৰ ব্যৱস্থা কৰি অনুকৰণীয় পদক্ষেপ লৈছে, যিটোৱে ইন্টাৰনেট, প্ৰযুক্তিৰ লগত পৰিচয় নথকাসকলক বা CO-WINৰ জৰিয়তে পঞ্জীয়ন কৰিব নজনাসকলক সহায় কৰিছে। কিন্তু ইয়াৰ ফলত মানুহৰ দীঘলীয়া শাৰী আৰু ভিৰ পৰিলক্ষিত হৈছে আৰু এই পৰিস্থিতি চম্ভালিবলৈ যথেষ্ট সংখ্যক স্বাস্থ্যকৰ্মীৰো অভাৱ হৈছে।বহুতে ভেকচিনৰ বাবে শাৰীত থিয় হৈ ৰৈ থাকি নাপালে পাছদিনা বা পৰৱৰ্তী সময়ত পুনৰ আহি শাৰী পাতিবলগীয়া হৈছে। কিছুমান ক্ষেত্ৰত দ্বিতীয় পালি ভেকচিন ল’বলৈ গৈ মানুহে গম পাইছে যে কেন্দ্ৰটোত দিয়া ভেকচিন আৰু তেওঁলোকে ইতিমধ্যে লোৱা প্ৰথম পালি ভেকচিন একে নহয়। ক’ভিডকালীন সচেতনতাও এনে পৰিস্থিতিত সম্ভৱ নহয়, বৰঞ্চ ই ভেকচিন কেন্দ্ৰটোত ভাইৰাছ সংক্ৰমণৰ আশংকাহে বৃদ্ধি কৰে।

    বিজ্ঞাপন

    দৈনন্দিন ভেকচিনৰ যোগান সুচল কৰিলে আৰু মানুহক আগতীয়াকৈ প্ৰতিদিনৰ ভেকচিনৰ সংখ্যা আগতীয়াকৈ জনালে এই প্ৰত্যাহ্বানসমূহ কিছু দূৰ হ’ব। গাঁৱৰ বেছিভাগ দৈনিক হাজিৰা কৰা লোকৰ বাবে দৈনিক স্বাস্থ্যকেন্দ্ৰলৈ গৈ ভেকচিনৰ বাবে শাৰী পতাটো সম্ভৱ নহয়। প্ৰতিদিনে নিজৰ জীৱিকা ক্ষতি কৰি ভেকচিনৰ বাবে যাবলগীয়া হ’লে তেওঁলোক টীকাকৰণৰ প্ৰতি আগ্ৰহী নহ’ব। আমি লাহে লাহে প্ৰাপ্তবয়স্কসকলৰ স্বাস্থ্য প্ৰতিৰক্ষা নিশ্চিতকৰণৰ দিশে আগবাঢ়িছো।অৱশ্যে, দৈনিক ভেকচিনৰ যোগান আৰু ইয়াক ভাৰতৰ প্ৰত্যেক প্ৰান্তলৈ লৈ যোৱাটো জৰুৰী। শিশুসকলৰ বাবে ভেকচিন আৰু প্ৰাপ্তবয়স্কসকলৰ বুষ্টাৰ ড’জ প্ৰদানৰ বাবে উন্নত আন্তঃগাঁথনি আৰু যোগান ব্যৱস্থাৰ প্ৰয়োজন।

    বিজ্ঞাপন

    অনিল পাৰমাৰ

    উপ-সভাপতি, সম্প্ৰদায় বিনিয়োগ

    ইউনাইটেড ৱে’ মুম্বাই

    অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
    • First Published :
    বিজ্ঞাপন
    বিজ্ঞাপন