ক’ৰোণাতংকঃ জনতা কাৰ্ফিউলৈ সন্মান জনাই এদিন পূৰ্বেই কৰালে বিয়া!

News18 Assam | News18-Assam
Updated:March 21, 2020, 1:34 PM IST
ক’ৰোণাতংকঃ জনতা কাৰ্ফিউলৈ সন্মান জনাই এদিন পূৰ্বেই কৰালে বিয়া!
জনতা কাৰ্ফিউলৈ সন্মান নতুন দম্পতিৰ

জনতা কাৰ্ফিউলৈ সন্মান নতুন দম্পতিৰ

  • Share this:
ক’ৰোণা ভাইৰাছত দেশৰ বিভিৰত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হোৱা ৰাজ্য সমূহৰ ভিতৰত অন্যতম মহাৰাষ্ট্ৰ। সমগ্ৰ দেশতে এতিয়া ক’ৰোণাত আক্ৰান্ত হোৱাৰ পৰা ৰক্ষা পাবলৈ সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনোৱা হৈছে। অহা ২২ মাৰ্চত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে জনতা কাৰ্ফিউ ঘোষণা কৰিছে।

জনতা কাৰ্ফিউলৈ মাজত এদিন থকা অৱস্থাত চৰ্চালৈ আহিছে এখন বিশেষ বিবাহ। ২২ মাৰ্চত হোৱা কথা আছিল বিয়া খন। কিন্তু প্ৰধানমন্ত্ৰীৰ ঘোষণাৰ প্ৰতি সন্মান জনাই এদিন পূৰ্বেই দৰা কইনাৰ সন্মতি ক্ৰমে হৈ যায় বিয়াখন। ক’ৰোণা ভাইৰাছৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি মাত্ৰ ২০ জন মানুহৰ উপস্থিতিতে হৈ যায় বিয়া খন।

মহাৰাষ্ট্ৰৰ থানে জিলাৰ ঘটনা। জনতা কাৰ্ফিউৰ এদিন পূৰ্বেই ২৫ বছৰীয়া ৰূপেশ যাদৱে বিয়া কৰাই ২৪ বছৰীয়া প্ৰিয়ংকাক।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading