• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত কোৰোণাৰ প্ৰাদুৰ্ভাৱ, সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ আশংকা

বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্টত কোৰোণাৰ প্ৰাদুৰ্ভাৱ, সংক্ৰমণৰ সংখ্যা বৃদ্ধিৰ আশংকা

শেহতীয়াকৈ, নৰৱে’ৰ আৰ্লেণ্ড নেছ (Erlend Ness) নামৰ এজন পৰ্বতাৰোহী কোৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

শেহতীয়াকৈ, নৰৱে’ৰ আৰ্লেণ্ড নেছ (Erlend Ness) নামৰ এজন পৰ্বতাৰোহী কোৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

শেহতীয়াকৈ, নৰৱে’ৰ আৰ্লেণ্ড নেছ (Erlend Ness) নামৰ এজন পৰ্বতাৰোহী কোৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে।

  • Share this:
কোৰোণা ভাইৰাছৰ (Corona Virus) প্ৰাদুৰ্ভাৱ বিশ্বৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট (Mount Everest) পাইছেগৈ। শেহতীয়াকৈ নৰৱে’ৰ আৰ্লেণ্ড নেছ (Erlend Ness) নামৰ এজন পৰ্বতাৰোহী কোৰোণা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হোৱাৰ খবৰ পোৱা গৈছে। বাতৰিটোৰ পিছৰে পৰা নেপালৰ বাম্পাৰ পৰ্বতাৰোহীসকলৰ আশাত চেঁচাপানী পৰিছে। চিকিৎসাৰ অসুবিধাৰ সত্ত্বেও নেপালে যিমান দূৰ সম্ভৱ পৰ্বতাৰোহীক আকৰ্ষিত কৰিবলৈ কোৱাৰেণ্টাইনৰ নিয়ম শিথিল কৰিছিল।

হেলিকপ্টাৰৰ সহায়ত নেছক কেম্পৰ পৰা উলিয়াই অনা হৈছে। এভাৰেষ্টৰ আধাৰ শিবিৰত সময় কটোৱাৰ পিছত তেওঁ বৰ্তমান নেপালৰ ৰাজধানী কাঠমাণ্ডুৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে। নেছৰ সাক্ষাৎকাৰ লোৱা নৰৱে’ৰ সম্প্ৰচাৰকজনে কৈছিল যে তেওঁৰ দলৰ শ্বেৰ্পাও সংক্ৰমিত হোৱা দেখা গৈছিল। তেওঁ কৈছিল 'মই আশা কৰো যে পৰ্বতৰ উচ্চতাত আন কাৰো সংক্ৰমণ নহওক। যেতিয়া পৰ্বতাৰোহীসকল ৮,০০০ মিটাৰতকৈও অধিক উচ্চতাত থাকে তেতিয়া তেওঁলোকক হেলিকপ্টাৰেৰে উলিয়াই অনা অসম্ভৱ হৈ পৰে।’

নেছে কয়, 'যিমান সোনকালে সম্ভৱ শীৰ্ষত উপস্থিত হোৱাৰ পৰিকল্পনা আছিল, যাতে এইটো নিশ্চিত হয় যে আমি সংক্ৰমিত নহওঁ। কাঠমাণ্ডুৰ এখন চিকিৎসালয়ে এভাৰেষ্টৰ পৰা ৰোগীৰ আগমন নিশ্চিত কৰিছে। অৱশ্যে, তেওঁলোকে কোনো পৰিসংখ্যা প্ৰকাশ কৰা নাছিল। AFPৰ সৈতে হোৱা সাক্ষাৎকাৰত CIWEC চিকিৎসালয়ৰ চিকিৎসা সঞ্চালক প্ৰতিভা পাণ্ডেই কয়, 'মই তথ্য শ্বেয়াৰ কৰিব নোৱাৰো, কিন্তু এভাৰেষ্টৰ পৰা উলিয়াই অনা কিছুমান লোক পজিটিভ পোৱা হৈছে।'

ইফালে, নেপালৰ পৰ্যটন বিভাগৰ মুখপাত্ৰ মীৰা আচাৰ্যই কয় যে তেওঁলোকে এতিয়ালৈকে কোনো পৰ্বতাৰোহীত কোভিড-১৯ত আক্ৰান্ত হোৱাৰ প্ৰতিবেদন লাভ কৰা নাই। তেখেতে কয়, "এজন ব্যক্তিক ১৫ এপ্ৰিলত স্থানান্তৰ কৰা হৈছিল, কিন্তু আমাক জনোৱা হৈছিল যে তেওঁ নিউমোনিয়াৰ সৈতে যুঁজি আছে আৰু তেওঁৰ আইছ’লেচনত চিকিৎসা অব্যাহত আছে। আমি এতিয়ালৈকে এইখিনি তথ্যই লাভ কৰিছোঁ।'

উল্লেখযোগ্য যে নেপালে এই বছৰ পৰ্বত আৰোহণ কৰিবলৈ ৩৭৭টা অনুমতি জাৰি কৰিছে। সংখ্যাটোৱে ২০১৯ চনত অনুমতি দিয়া ৩৮১ পাৰমিটৰ অভিলেখ অতিক্ৰম কৰিব বুলি কোৱা হৈছে। শেহতীয়াকৈ এভাৰেষ্ট জয় কৰিবলৈ চেষ্টা কৰা লোকৰ সংখ্যা বৃদ্ধি পাইছে। ইয়াৰ ফলত যথেষ্ট ভিৰ হৈছিল আৰু দাবী কৰিছিল যে ভিৰৰ ফলত কেইবাজনৰো মৃত্যু হৈছিল। ২০১৯ চনত, ১১ গৰাকী লোকৰ মৃত্যু হৈছিল, যাৰ ভিতৰত ৪ গৰাকে লোকৰ মৃত্যু ভিৰৰ কাৰণে হোৱা বুলি ধাৰণা কৰা হৈছিল।
Published by:Sanjay Kumar Das
First published: