• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid-19 Medicine : কোৰোণা ভাল কৰিব পৰা ৬০,০০০টকীয়া ঔষধ আহিল ভাৰতৰ বজাৰলৈ। ৭০ শতাংশলৈ কমিব মৃত্যুৰ সম্ভাৱনা, চাৰি দিনতে ভাল হ’ব কোৰোণা!

Covid-19 Medicine : কোৰোণা ভাল কৰিব পৰা ৬০,০০০টকীয়া ঔষধ আহিল ভাৰতৰ বজাৰলৈ। ৭০ শতাংশলৈ কমিব মৃত্যুৰ সম্ভাৱনা, চাৰি দিনতে ভাল হ’ব কোৰোণা!

এণ্টিবডী ককটেইল কেছিৰিভিমেব (Antibody Cocktail Casirivimab) আৰু ইনডেভিমেব (Indevimab) নামৰ দুবিধ ঔষধৰ সংমিশ্ৰণ। ডোনাল্ড ট্ৰাম্পক যোৱা বছৰ দিয়া হৈছিল এই ঔষধ।

এণ্টিবডী ককটেইল কেছিৰিভিমেব (Antibody Cocktail Casirivimab) আৰু ইনডেভিমেব (Indevimab) নামৰ দুবিধ ঔষধৰ সংমিশ্ৰণ। ডোনাল্ড ট্ৰাম্পক যোৱা বছৰ দিয়া হৈছিল এই ঔষধ।

এণ্টিবডী ককটেইল কেছিৰিভিমেব (Antibody Cocktail Casirivimab) আৰু ইনডেভিমেব (Indevimab) নামৰ দুবিধ ঔষধৰ সংমিশ্ৰণ। ডোনাল্ড ট্ৰাম্পক যোৱা বছৰ দিয়া হৈছিল এই ঔষধ।

  • Share this:
ভাৰতৰ বজাৰলৈ আহিল Covid-19ৰ ঔষধ। ৰ’চ  ইণ্ডিয়া (Roche India) নামৰ ব্যক্তিগত খণ্ডৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে এইবাৰ বজাৰত মুকলি কৰিছে 'এণ্টিবডী ককটেইল' (Antibody Cocktail) । এণ্টিবডী ককটেইল কেছিৰিভিমেব (Antibody Cocktail Casirivimab) আৰু 'ইনডেভিমেব' (Indevimab) নামৰ দুবিধ ঔষধৰ সংমিশ্ৰণ।

এই ঔষধৰ বজাৰ মূল্য এজন ৰোগীৰ কাৰণে ৫৯,৭৫০টকা। Roche আৰু Ciplaই সোমবাৰে জাৰী কৰা এক যুটীয়া প্ৰেছ বিজ্ঞপ্তিত কোৱা হৈছে 'এণ্টিবডী ককটেইল' এতিয়া ভাৰতত উপলব্ধ । ইতিমধ্যে ইয়াৰ প্রথমটো টোপোলা চিকিৎসকৰ হাতত পৰিছেগৈ । দ্বিতীয়টো টোপোলা জুনৰ মাজভাগলৈ উপলব্ধ কৰোৱা হব । ভাৰতবর্ষত উপলব্ধ হ'৸ব সৰ্বমুঠ ১লাখ পেকেট আৰু ইয়াৰে লাভান্বিত হ'ব ২লাখ লোক। কাৰণ এটা পেকেট দুজন ৰোগীক প্ৰয়োগ কৰিব পাৰিব । গতিকে গোটেই পেকেটটোৰ মূল্য ১ লাখ ১৯ হাজাৰ ৫০০টকা ।

এই ঔষধ মৃদু আৰু মধ্যম উপসৰ্গ দেখা দিয়া Covid-19ত আক্রান্ত ৰোগীক প্ৰদান কৰিব পাৰিব । ১২বছৰৰ উৰ্ধৰ শিশুকো প্ৰদান কৰিব পৰা যাব এই ঔষধ । এই ঔষধ ল'লে ৭০শতাংশলৈ মৃত্যুৰ সম্ভাৱনা কমি যায় আৰু লক্ষণ সমূহ চাৰি দিনতে নিৰ্মূল কৰে বুলি দাবী কৰিছে বিশেষজ্ঞই ।

চিপ্লা (Cipla) নামৰ ঔষধ নিৰ্মাণ প্ৰতিষ্ঠানটোৱে ভাৰতত 'এণ্টিবডী ককটেইল'ৰ বিতৰণ আৰু বিপণনৰ দায়িত্ব লৈছে ।

এই ঔষধ ২ডিগ্ৰীৰ পৰা ৮ ডিগ্ৰী চেলচিয়াচত ৰাখিব লাগে । প্ৰথমজন ৰোগীৰ বাবে এটা পেকেট খোলাৰ পাছত অৱশিষ্ট অংশ ৪৮ঘণ্টাৰ ভিতৰত দ্বিতীয়জন ৰোগীক দিব লাগিব । খোলা পেকেটটোও ২ৰ পৰা ৮ডিগ্ৰী চেলচিয়াচ তাপমাত্ৰাত ৰাখিব লাগিব ।

'এণ্টিবডী ককটেইল'ৰ এটা পেকেটত ১২০০ মিলিগ্রাম ঔষধ থাকিব; তাৰে ৬০০ মিলিগ্রাম 'কেছিৰিভিমেব' আৰু ৬০০ মিলিগ্রাম'- 'ইনডেভিমেব' ।
Published by:Manjumoni Borah
First published:

শেহতীয়া বাতৰি