COVID-19: ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যা ৮৭৩ জনলৈ বৃদ্ধি, ১৯ জনৰ মৃত্যু

News18 Assam | News18-Assam
Updated:March 28, 2020, 11:34 AM IST
COVID-19: ভাৰতবৰ্ষত আক্ৰান্তৰ সংখ্যা ৮৭৩ জনলৈ বৃদ্ধি, ১৯ জনৰ মৃত্যু
জনালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে

জনালে কেন্দ্ৰীয় স্বাস্থ্যমন্ত্ৰীয়ে

  • Share this:
সৰ্বত্ৰ এতিয়া ক’ৰোণা ভাইৰাছৰ ত্ৰাস। ভাৰতবৰ্ষতো এতিয়া ক্ৰমাৎ ভয়াৱহ ৰূপ লৈছে ক’ৰোণা ভাইৰাছে। প্ৰত্যেক দিনাই ভাৰতবৰ্ষত ক’ৰোণা ভাইৰাছত আক্ৰান্ত ৰোগীৰ সংখ্যা। শনিবাৰলৈকে ভাৰতবৰ্ষত ক’ৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা ৮৭৩ জনলৈ বৃদ্ধি পাইছে। সেইদৰে ক’ৰোণাত আক্ৰান্ত হৈ মৃত্যুক সাৱটিলে ১৯ জনকৈ লোক।

ক’ৰোণা ভাইৰাছৰ ফলত ভাৰতবৰ্ষৰ ভিতৰত সৰ্বাধিক ক্ষতিৰ সন্মুখীন হৈছে মহাৰাষ্ট্ৰ। শনিবাৰৰ দিনটোত নতুনকৈ ৬ জন লোক ক’ৰোণা ভাইৰাছত আক্ৰান্ত হৈছে। ইয়াৰে ভিতৰত পাঁচ জন মুম্বাইৰ, এজন নাগপুৰৰ।

সেই সময়তে ক’ৰোণাৰ বিৰুদ্ধে যুঁজিবলৈ আমেৰিকাই ভাৰতলৈ আৰ্থিক সাহায্য দিয়াৰ কথা ঘোষণা কৰিছে। ভাৰতলৈ আমেৰিকাই আগবঢ়াব ২৯ লাখ ডলাৰ। অথ্যাৎ ২১ কোটি ৭৭ লাখ টকা।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading