মুখ্যপৃষ্ঠা » খবৰ

» Corona

»COVID-19 in India: ক'ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক, দেশত ২৪ ঘণ্টাত ৪,৪৫৪ জনৰ মৃত্যু।

COVID-19 in India: ক'ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক, দেশত ২৪ ঘণ্টাত ৪,৪৫৪ জনৰ মৃত্যু।

News18 Assam | News18-Assam
Updated:May 24, 2021, 10:34 AM IST
COVID-19 in India: ক'ৰোনাত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে যদিও মৃত্যুৰ সংখ্যা এতিয়াও উদ্বেগজনক, দেশত ২৪ ঘণ্টাত ৪,৪৫৪ জনৰ মৃত্যু।
Coronavirus outbreak in India Latest Update: স্বাস্থ্য মন্ত্ৰালয়ৰ (Health ministry) তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ২,২২,৩১৫ জন নতুন ক'ৰোনা ৰোগীৰ খবৰ পোৱা গৈছে, আনহাতে ৪৪৫৪ জন ৰোগীৰ মৃত্যু হৈছে।

  • Share this:
Coronavirus outbreak in India Latest Update: দেশখনে ক'ৰোনাৰ দ্বিতীয় ঢৌৰ (Covid-19 second wave) পৰা সকাহ পোৱা আৰম্ভ কৰিছে। মে' মাহৰ আৰম্ভণিতে ক'ৰোনা (corona)ৰ ভয়ৰ পৰিমাণ এতিয়া মাহৰ শেষত হ্ৰাস পাইছে। দেশত ক'ৰোনাৰ দ্বাৰা সংক্ৰমিত ৰোগীৰ গ্ৰাফ দ্ৰুতগতিত হ্ৰাস পাইছে কিন্তু বিপদাশংকা এতিয়াও হ্ৰাস হোৱা নাই। স্বাস্থ্য মন্ত্ৰালয়ৰ (Health ministry) তথ্য অনুসৰি, যোৱা ২৪ ঘণ্টাত সমগ্ৰ দেশত ২,২২,৩১৫ জন নতুন ক'ৰোনা ৰোগীৰ খবৰ পোৱা গৈছে, আনহাতে ৪৪৫৪ জন ৰোগীৰ মৃত্যু হৈছে। নতুন ক'ৰোনা ৰোগীৰ তথ্য পোহৰলৈ অহাৰ লগে লগে দেশত সংক্ৰমিত ৰোগীৰ মুঠ সংখ্যা ২ কোটি ৬৭ লাখ ৫২ হাজাৰ ৪৪৭ জনলৈ বৃদ্ধি হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, দেশত এতিয়ালৈকে ক'ৰোনাৰ ২৭ লাখ ২০ হাজাৰ ৭১৬ টা সক্ৰিয় ঘটনা আছে, আনহাতে ২ কোটি ৩৭ লাখ ২৮ হাজাৰ ১১ জন লোক সুস্থ হৈ ঘৰলৈ গৈছে। এতিয়ালৈকে, দেশত ক'ৰোনাৰ ফলত ৩লাখ ৩হাজাৰ ৭২০ জন লোকৰ মৃত্যু হৈছে। ক'ৰোনা প্ৰভাৱিত মহাৰাষ্ট্ৰত সংক্ৰমিত ৰোগীৰ সংখ্যাও দ্ৰুতগতিত হ্ৰাস পাইছে।

ৰাজ্য অনুযায়ী ক'ভিড আক্ৰান্তৰ তালিকা (NEWS18)
Published by: Kokil Sarma
First published: May 24, 2021, 10:34 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি