মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Corona ভাইৰাছে আপোনাৰ চকুজুৰিক কৰিব পাৰে প্ৰভাৱিত... ইয়াৰ পৰা কেনেদৰে সুৰক্ষা পাব, চকুত কি পিন্ধিব, কি লগাব ?

Corona ভাইৰাছে আপোনাৰ চকুজুৰিক কৰিব পাৰে প্ৰভাৱিত... ইয়াৰ পৰা কেনেদৰে সুৰক্ষা পাব, চকুত কি পিন্ধিব, কি লগাব ?

News18 Assam | News18-Assam
Updated:May 8, 2021, 2:15 PM IST
Corona ভাইৰাছে আপোনাৰ চকুজুৰিক কৰিব পাৰে প্ৰভাৱিত... ইয়াৰ পৰা কেনেদৰে সুৰক্ষা পাব, চকুত কি পিন্ধিব, কি লগাব ?
চকু বিশেষজ্ঞ ডাঃ অমিত গাৰ্গে কয় যে ক’ৰোণা ভাইৰাছৰ ফলত আমাৰ চকু ৰঙা পৰে আৰু ফুলি উঠিব পাৰে। যদি ই চকুৰ বাহিৰৰ পৃষ্ঠত থাকে, ইয়াক সাধাৰণতে ঔষধৰ জৰিয়তে আৰোগ্য কৰিব পাৰি, কিন্তু যদি ই ভিতৰৰ ফালে প্ৰৱেশ কৰে, ই ৰেটিনাক প্ৰভাৱিত কৰিব পাৰে।

চকু বিশেষজ্ঞ ডাঃ অমিত গাৰ্গে কয় যে ক’ৰোণা ভাইৰাছৰ ফলত আমাৰ চকু ৰঙা পৰে আৰু ফুলি উঠিব পাৰে। যদি ই চকুৰ বাহিৰৰ পৃষ্ঠত থাকে, ইয়াক সাধাৰণতে ঔষধৰ জৰিয়তে আৰোগ্য কৰিব পাৰি, কিন্তু যদি ই ভিতৰৰ ফালে প্ৰৱেশ কৰে, ই ৰেটিনাক প্ৰভাৱিত কৰিব পাৰে।

  • Share this:
সমগ্ৰ দেশত ক’ৰোণা সংক্ৰমণৰ দ্বিতীয় ঢৌ (Covid 19 Infection) দ্ৰুতগতিত বিয়পি পৰাৰ মাজত, ইয়াক কেনেদৰে প্ৰতিৰোধ কৰিব লাগে জনাটো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। বিশেষকৈ সংক্ৰমণবোৰ শৰীৰত অধিক সক্ৰিয়ভাৱে প্ৰৱেশ কৰাৰ বাবে। দেখা গৈছে যে ক’ৰোণা ভাইৰাছে (Covid 19) শৰীৰৰ আন অংশৰ লগতে আমাৰ চকুকো প্ৰভাৱিত কৰিছে। কোভিড-১৯ (Covid 19)ৰ ফলত আমাৰ চকু ৰঙা পৰাৰ (Redness in eyes) লগতে ফুলি উঠিব পাৰে। আনকি ই চকুৰ ৰেটিনাক বেয়াকৈ প্ৰভাৱিত কৰে। সেয়েহে, আমাৰ চকুক ক’ৰোণা ভাইৰাছৰ পৰা কেনেদৰে সুৰক্ষিত কৰিব লাগে আৰু কি সাৱধানতা অৱলম্বন কৰিব লাগে, আমি এজন বিশেষজ্ঞৰ সৈতে হোৱা বাৰ্তালাপৰ জৰিয়তে জানো আহক।

প্ৰকৃততে, ক’ৰোণা ভাইৰাছ চকুৰ মাধ্যমেৰে বিয়পিব পাৰে, যেনেদৰে ই মুখ বা নাকৰ জৰিয়তে বিয়পে। ক’ৰোণা ভাইৰাছ সংক্ৰমিতৰ কাহ, হাঁচি বা কথা-বতৰাৰ জৰিয়তে মুখ বা নাকৰ জৰিয়তে প্ৰৱেশ কৰিব পাৰে। সংক্ৰমিত ব্যক্তিয়ে হাঁচিয়ালে, কাহিলে বা কথা ক’লে নিৰ্গত হোৱা টোপাল আপোনাৰ চকুৰ জৰিয়তে আপোনাৰ শৰীৰত প্ৰৱেশ কৰিব পাৰে। আপুনি কোনো এটা বস্তু স্পৰ্শ কৰাৰ পিছত একেখন হাত চকুত লগালেও সংক্ৰমিত হ'ব পাৰে।

চকু বিশেষজ্ঞ ডাঃ অমিত গাৰ্গে কয় যে ক’ৰোণা ভাইৰাছৰ ফলত আমাৰ চকু ৰঙা পৰে (Redness in eyes) আৰু ফুলি উঠিব পাৰে। যদি ই চকুৰ বাহিৰৰ পৃষ্ঠত থাকে, ইয়াক সাধাৰণতে ঔষধৰ জৰিয়তে আৰোগ্য কৰিব পাৰি, কিন্তু যদি ই ভিতৰৰ ফালে প্ৰৱেশ কৰে, ই ৰেটিনাক প্ৰভাৱিত কৰিব পাৰে। এইটোৱে কিছুমান ৰোগীৰ দৃষ্টিশক্তিকো প্ৰভাৱিত কৰিছে। অৱশ্যে, এই মুহূৰ্তত এনে ধৰণৰ ঘটনা খুব কম দেখা গৈছে। ডঃ অমিতে কয় যে মানুহে সাৱধানতা অৱলম্বন কৰিবলৈ মাস্ক পিন্ধিছে, কিন্তু চকু মুকলি আছে, অৰ্থাৎ চকুৰ ওপৰত কোনো সুৰক্ষা নাই। গতিকে চশমা পিন্ধা কৰক। একে সময়তে, বাৰে বাৰে চকু হাতেৰে স্পৰ্শ কৰা পৰিহাৰ কৰক।

চশমা পিন্ধিলে চকুৰ সুৰক্ষা বৃদ্ধি হ'ব পাৰে
সুৰক্ষামূলক লেন্স বা চানগ্লাচে আপোনাৰ চকুক সংক্ৰমিত ব্যক্তিৰ শ্বাসতন্ত্ৰৰ টোপালৰ পৰা সুৰক্ষা প্ৰদান কৰিব পাৰে, কিন্তু ই ১০০ শতাংশ সুৰক্ষা প্ৰদান নকৰে। কিয়নো ভাইৰাছটো আপোনাৰ চকুৰ ওপৰৰ পৃষ্ঠৰ লগতে চশমাৰ ওপৰ আৰু তলেৰে চকুত সোমাব পাৰে। যদি আপুনি ৰোগী বা সম্ভাৱ্য সংক্ৰমিত ব্যক্তি এজনৰ যত্ন লৈ আছে, তেনেহ'লে চশমাই আপোনাৰ চকুক শক্তিশালী সুৰক্ষা প্ৰদান কৰিব।

চকু মোহাৰা পৰিহাৰ কৰিব
এনে কৰিলে আপোনাৰ সংক্ৰমণৰ আশংকা হ্ৰাস হ'ব। আপোনাৰ চকু খজুৱাবলৈ বা মোহাৰিবলৈ আনকি আপোনাৰ চশমা এডজাষ্ট কৰিবলৈ আঙুলিৰ সলনি টিছু ব্যৱহাৰ কৰিব। চকু শুকাই থকাৰ ফলত অধিক খজুৱতি হ’ব পাৰে, সেয়েহে আপোনাৰ চকুত ময়েশ্চাৰাইজিং ড্ৰপ দিয়া কৰক। যদি আপুনি যিকোনো কাৰণত আপোনাৰ চকু স্পৰ্শ কৰিবলগীয়া হয়, আনকি চকুৰ ঔষধ দিবলগীয়া হয় তেনেহ'লে কমেও ২০ ছেকেণ্ডৰ বাবে চাবোন আৰু পানীৰে প্ৰথমে আপোনাৰ হাত ভালদৰে ধুব। চকুজুৰি স্পৰ্শ কৰাৰ পিছত পুনৰ ধুব।

পৰিষ্কাৰ পৰিচ্ছন্নতা আৰু সঠিক দূৰত্বৰ অভ্যাস কৰক
মাস্ক পিন্ধিব। আপোনাৰ হাত সঘনাই ধুব। হাত দুখন কমেও ২০ ছেকেণ্ডৰ বাবে চাবোনেৰে পৰিষ্কাৰ কৰক। যিকোনো লোকৰ পৰা প্ৰয়োজনীয় দূৰত্বত থিয় হওঁক। আপোনাৰ নাক, মুখ আৰু চকু স্পৰ্শ বা মোহাৰা পৰিহাৰ কৰিব।
Published by: Kokil Sarma
First published: May 8, 2021, 2:14 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি