দৰিদ্ৰৰ কাৰণে অন্ন–ধন–গেছৰ চিন্তা শেষ, কেন্দ্ৰৰ ১ লাখ ৭০হাজাৰ কোটিৰ বিশেষ পেকেজৰ ১০টা পইণ্ট

News18 Assam | News18-Assam
Updated:March 26, 2020, 4:04 PM IST
দৰিদ্ৰৰ কাৰণে অন্ন–ধন–গেছৰ চিন্তা শেষ, কেন্দ্ৰৰ ১ লাখ ৭০হাজাৰ কোটিৰ বিশেষ পেকেজৰ ১০টা পইণ্ট
কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে ঘোষণা কৰা লকডাউনৰ সময়ত দৰিদ্ৰৰ কাৰণে এই সাহাৰ্য।

কোৰোণা ভাইৰাছৰ সংক্ৰমণৰ কাৰণে ঘোষণা কৰা লকডাউনৰ সময়ত দৰিদ্ৰৰ কাৰণে এই সাহাৰ্য।

  • Share this:
নতুন দিল্লীঃ কোৰোণা ভাইৰাছৰ সংকটৰ সৈতে যুঁজিবলৈ কেন্দ্ৰই ১লাখ ৭০হাজাৰ কোটি টকাৰ পেকেজ ঘোষণা কৰা হৈছে। বিত্ত মন্ত্ৰী নিৰ্মলা সীতাৰমণে সংবাদমেলত দৰিদ্ৰ, মজদুৰ আৰু কৰ্মচাৰীৰ কাৰণে এই বিশেষ সাহাৰ্য পূঁজিৰ ঘোষণা কৰিছে। ইয়াৰ নাম ৰখা হৈছে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ পেকেজ। এই যোজনাৰ অধীনত দৰিদ্ৰসকলৰ একাউণ্টত নগদ ধন ট্ৰান্সফাৰ কৰা হ’ব। ইয়াৰ বাহিৰেও চৰকাৰে কৰা ঘোষণাত ৩মাহলৈকে কৰ্মচাৰী আৰু মালিক পক্ষৰো ভাগৰ যোগদান চৰকাৰে কৰিব।

প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনা

বিত্ত মন্ত্ৰীয়ে প্ৰেছ কনফাৰেন্সত কয় যে প্ৰধানমন্ত্ৰী দৰিদ্ৰ কল্যাণ অন্ন যোজনাত ৮০কোটি লোকক কম দামত শস্য প্ৰদান কৰা হ’ব। চৰকাৰে আশ্বাস দিছে যে, কোৰোণা ভাইৰাছৰ কাৰণে কোনো দৰিদ্ৰই খাদ্য খাবলৈ নোপোৱাকৈ নাথাকে আৰু এইক্ষেত্ৰত কোনো চিন্তা কৰিব নালাগে। দৰিদ্ৰ লোকে ৫কিলোগ্ৰাম অতিৰিক্ত শস্য তিনি মাহলৈ পাব, এক কিলোগ্ৰাম দাইল, ঘেঁহু, চাউল দৰিদ্ৰই লাভ কৰিব।

দৰিদ্ৰসকলৰ সহায়ৰ কাৰণে ৰেজিষ্টাৰ্ড চেল্ফ হেল্প গ্ৰুপক দিয়া কলাটেৰেল ফ্ৰী লোনৰ সীমা ১০লাখ টকাৰ পৰা বৃদ্ধি কৰি ২০লাখ টকা কৰা হৈছে। ইয়াৰ জৰিয়তে ৭কোটি পৰিয়ালে লাভ পাব।

হেলথ কৰ্মচাৰীসকলে পাব ৫০লাখ টকাৰ ইন্সুৰেঞ্চ

৮.৬৯ কোটি কৃষকে পাব ২হাজাৰ কোটি

প্ৰধানমন্ত্ৰী কৃষক সম্মান নিধি আচনিৰ অধীনত এপ্ৰিলৰ প্ৰথম সপ্তাহত প্ৰথম কিস্তি ট্ৰান্সফাৰ লাভ কৰিব। কৃষকে তৎক্ষণাৎ লাভ কৰিব।

মনৰেগা শ্ৰমিকৰ দৰমহা বৃদ্ধি

মনৰেগাৰ অধীনত কাম কৰা শ্ৰমিকসকলৰ দৰমহা বৃদ্ধি কৰা হৈছে। মনৰেগাৰ দৈনিক মজুৰী ১৮২টকাৰ পৰা বৃদ্ধি কৰি ২০২টকা কৰা হৈছে। ইয়াৰ দ্বাৰা ৫কোটি লোকে লাভ পাব।

৩কোটি জ্যেষ্ঠ নাগৰিক, বিধৱাসকলক সাহাৰ্য

দৰিদ্ৰ বয়োবৃদ্ধ, দৰিদ্ৰ বিধৱা আৰু দৰিদ্ৰ দিব্যাংগসকলে এই কঠিন সময়ত যাতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয় তাৰ কাৰণে তেওঁলোকে ১০০০টকাকৈ অতিৰিক্ত তিনিমাহৰ কাৰণে পাব। এই দুয়োটা কিস্তি ডিবিটিৰ জৰিয়তে তেওঁলোকৰ বেংক একাউণ্টত জমা কৰা হ’ব।

২০কোটি মহিলাই জনধনৰ অধীনত ৫০০টকাকৈ মাহে পাব।

প্ৰধানমন্ত্ৰীৰ জনধন একাউণ্টৰ মহিলাসকলৰ একাউণ্টত প্ৰতি মাহে ৫০০ টকা ট্ৰান্সফাৰ কৰা হ’ব।

উজ্জ্বলা আঁচনিৰ অধীনত ৩মাহলৈ ফ্ৰী চিলিণ্ডাৰ প্ৰদান কৰা হ’ব

কোৰোণা ভাইৰাছৰ চিন্তাৰ পৰা মুক্ত কৰিবলৈ চৰকাৰে কৰা ডাঙৰ ঘোষণাৰ ভিতৰত ৮.৩কোটি বিপিএল পৰিয়ালক উজ্জ্বলা আঁচনিৰ অধীনত ৩মাহলৈকে ফ্ৰী এলপিজি চিলিণ্ডাৰ দিয়া হ’ব।

অহা তিনি মাহলৈ EPF চৰকাৰে দিব

চৰকাৰে আগন্তুত তিনি মাহলৈকে এম্পলয়ী আৰু এম্পলয়াৰ দুয়োৰে তৰফৰ পৰা ইপিএফ কনট্ৰিবিউশ্যন প্ৰদান কৰিব। অৰ্থাৎ দুয়োৰে তৰফৰ পৰা দিবলগীয়া ১২–১২শতাংশ যোগদান অৰ্থাৎ মুঠ ২৪শতাংশ কণট্ৰিবিউশ্যন চৰকাৰে দিব। সৰ্বাধিক ১০০লৈকে কৰ্মচাৰী থকা আৰু ৯০শতাংশ কৰ্মচাৰীয়ে ১৫হাজাৰ টকাৰ তলত দৰমহা পোৱা কোম্পানীৰ কাৰণে চৰকাৰে এই সাহাৰ্য প্ৰদান কৰিব। ইয়াৰ দ্বাৰা ৮০লাখৰো অধিক কৰ্মচাৰী আৰু ৪লাখৰো অধিক কোম্পানী উপকৃত হ’ব।

নিৰ্মাণ কাৰ্যত নিয়োজিত শ্ৰমিকৰ কাৰণে ৱেলফেয়াৰ ফাণ্ড

চৰকাৰে নিৰ্মাণ কাৰ্যত লাগি থকা শ্ৰমিকৰ কাৰণেও চৰকাৰে ঘোষণা কৰিছে। ৩.৫কোটি ৰেজিষ্টাৰ্ড শ্ৰমিকৰ কাৰণে ইয়াৰ বাবে ৩১হাজাৰ কোটি টকাৰ ফাণ্ড উপলব্ধ কৰোৱা হ’ব। ৰাজ্যসমূহক নিৰ্দেশ দিয়া হৈছে যে কোৰোণাৰ দ্বাৰা উদ্ভৱ হোৱা সংকটৰ সময়ত শ্ৰমিকসকলক এই পূঁজিৰে সহায় কৰা হ’ব।

PFৰ ধন উলিওৱাৰ চৰ্তত ৰেহাই দিয়া হ’ব

ইয়াৰ বাহিৰে চৰকাৰে পিএফৰ ধন উলিওৱাৰ চৰ্তত ৰেহাই দিয়াৰ ঘোষণা কৰা হৈছে। বিত্ত মন্ত্ৰীয়ে কোৱা মতে কৰ্মচাৰীয়ে ৩মাহৰ বেতন বা ৭৫শতাংশ ধন নিজৰ পিএফ একাউণ্টৰ পৰা উলিয়াব পাৰিব। ইয়াৰ দ্বাৰা ৪.৮কোটি লোক লাভান্বিত হ’ব।

৪৮ ঘণ্টাত এই কেইটাত ডাঙৰ সিদ্ধান্ত
>> বুধবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত কেবিনেটে ৮০কোটি লোকক কম দামত খাদ্য শস্য প্ৰদানৰ সিদ্ধান্ত লৈছিল। কেবিনেট বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী প্ৰকাশ জাভড়েকাৰে ৮০কোটি লোকক ২৭টকা কিলোগ্ৰামৰ ঘেঁহু মাত্ৰ ২টকাত আৰু ৩৭টকা কিলোগ্ৰামৰ চাউল ৩টকাত পাব।

>>ইয়াৰ পূৰ্বে মঙলবাৰে বিত্ত মন্ত্ৰীয়ে বিলেটেড ইনকাম টেক্স ৰিটাৰ্ণক লৈ ডাঙৰ ঘোষণা কৰিছিল। যদি কোনো ব্যক্তিয়ে ২০১৮–১৯চনত ইনকাম টেক্স ৰিটাৰ্ণ ফাইল কৰা নাছিল তেনেহ’লে এতিয়া ১০,০০০টকা লেট ফীজ লৈ ৩০ জুন, ২০২০লৈকে ফাইল কৰিব পাৰে।

>> বিত্ত মন্ত্ৰীয়ে চেভিংছ বেংক একাউণ্টত মিনিমাম বেলেন্স চাৰ্জ একেবাৰে ৰেহাই দিয়াৰ ঘোষণা কৰিছে।

>> আগন্তুক তিনি মাহলৈকে বেংকৰ ডেবিট কাৰ্ডেৰে যিকোনো বেংকৰ এটিএমৰ পৰা টকা উলিয়াওতে কোনো চাৰ্জ দিব নালাগে। ইয়াৰ দ্বাৰা ঘৰৰ পৰা বেছি দূৰলৈ নগ’লেও হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি