ভাৰতত কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭জনলৈ বৃদ্ধি

News18 Assam | News18-Assam
Updated:March 27, 2020, 9:33 AM IST
ভাৰতত কোৰোণা ভাইৰাছত মৃত্যু হোৱা লোকৰ সংখ্যা ১৭জনলৈ বৃদ্ধি
সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৪ লাখ ৭২ হাজাৰ ৫২৯জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত।

সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৪ লাখ ৭২ হাজাৰ ৫২৯জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত।

  • Share this:
বিশ্বৰ আন আন ৰাষ্ট্রৰ লগতে ভাৰততো বৃদ্ধি পাইছে কোৰোণাত আক্ৰান্তৰ সংখ্যা। ভাৰতত এইপৰ্যন্ত কোৰোণাত আক্ৰান্ত হৈ ১৭জন লোকৰ মৃত্যু হৈছে। শেহতীয়াকৈ ৰাজস্থানৰ ভিলৱাৰাত এজন ৬০ বছৰীয়া লোকৰ প্ৰাণ গৈছে এই ভাইৰাছত। ৰাজস্থানত মৃত্যুৰ সংখ্যা বৃদ্ধি পালে দুজনলৈ। ভাৰতত আক্ৰান্তৰ সংখ্যা হৈছেগৈ মুঠ ৭০৭ জন। ৰোগমুক্ত হৈ ঘৰলৈ উভতিছে ৪৬জন লোকে।

সমগ্ৰ বিশ্বত এইপৰ্যন্ত ৪ লাখ ৭২ হাজাৰ ৫২৯জন লোক আক্ৰান্ত হৈছে এই মহামাৰীত। মুঠ মৃত্যু হোৱা লোকৰ সংখ্যা ২১ হাজাৰ ৩০৪জন। আনহাতে, ৰোগমুক্ত হৈ ঘৰলৈ উভতিছে ১ লাখ ১৪ হাজাৰ ৭৪০জন লোকে।
আৰু চাওক
পৰৱৰ্তী বাতৰি