ভাৰতত কৰোনা ভাইৰাছ সংক্ৰমণৰ ক্ষেত্ৰত নিৰন্তৰ বৃদ্ধি হোৱাৰ লগতে ইয়াৰ ফলত হোৱা মৃত্যুৰ সংখ্যাও বৃদ্ধি পাইছে। বৃহস্পতিবাৰে পুৱা স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা এক তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দেশত ১৬,২৯৯ টা নতুন কৰোনা ভাইৰাছ সংক্ৰমণৰ ঘটনা পোহৰলৈ আহিছে। লগতে, একে সময়তে দেশত কৰোনাৰ ফলত ৫৩ জন লোকৰ মৃত্যুও হৈছে।
উল্লেখযোগ্য যে, বিগত ২৪ ঘন্টাত পোহৰলৈ অহা ১৬,২৯৯ টা নতুন ঘটনাৰৰ পাছতেই ভাৰতৰ কোভিড-১৯ৰ সংখ্যা সৈতে ৪,৪২,০৬,৯৯৬ লৈ বৃদ্ধি পাইছে লগতে মৃত্যুৰ সংখ্যা ৫,২৬,৮৭৯ লৈ বৃদ্ধি হৈছে। তদুপৰি, একে সময়তে দেশত কৰোনা ভাইৰাছ সংক্ৰমণৰ সক্ৰিয় ঘটনাৰ সংখ্যা ১,২৫,০৭৬ লৈও হ্ৰাস পাইছে। মন কৰিবলগীয়া কথা যে, দিল্লীত চলিত মাহত কৰোনাত মৃত্যুৰ লোকৰ সংখ্যা ৪০ জন হৈছে। ইফালে জুলাইৰ মাহৰ অন্তিম দিনত কৰোনা ভাইৰাছৰ বাবে ১৪ জন লোকৰ মৃত্যু হৈছিল অৰ্থাৎ মহামাৰীৰ ফলত হোৱা মৃত্যুৰ সংখ্যা প্ৰায় তিনিগুণ বৃদ্ধি পাইছে।
চৰকাৰী তথ্য অনুসৰি, দিল্লীত প্ৰতিদিনে হোৱা মৃত্যুৰ সংখ্যা ক্ৰমে–
১ আগষ্ট–দুজন
২ আগষ্ট–তিনিজন
৩ আগষ্ট–পাঁচজন
৪ আগষ্ট–চাৰিজন
৫ আগষ্ট–দুজন
৬ আগষ্ট–দুজন
৭ আগষ্ট–দুজন
৮ আগষ্ট–ছয়জন
৯ আগষ্ট–সাতজন
১০ আগষ্ট–আঠজন
স্বাস্থ্য বিভাগে প্ৰকাশ কৰা তথ্য অনুসৰি, দিল্লীত বুধবাৰে ২,১৪৬ টা নতুন কোভিড-১৯ ৰ ঘটনা আৰু ৮টা মৃত্যুৰ ঘটনা পোহৰলৈ আহিছিল। আনহাতে, সংক্ৰমণৰ হাৰ ১৭.৮৩ শতাংশ বুলি জানিব পৰা গৈছে। উল্লেখনীয় যে, দেশৰ ৰাজধানীখনত ১৮০ দিনৰ পিছত কোভিদ-১৯ ৰ ফলত বহু লোকৰ মৃত্যু হৈছে। ইয়াৰ পূৰ্বে ১৩ ফেব্ৰুৱাৰীত দিল্লীত কোভিড-১৯ৰ ফলত ১২ জন ৰোগীৰ মৃত্যু হৈছিল। স্বাস্থ্য বিভাগৰ তথ্য অনুসৰি, বিগত ২৪ ঘণ্টাত দিল্লীত ১২,০৩৬ টা নমুনা কোভিদ-১৯ৰ বাবে পৰীক্ষা কৰা হৈছিল।
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|