• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid-19 Updates: দেশত বিগত ২৪ ঘণ্টাত ১৪,০৯২ গৰাকী ক’ৰোনাত সংক্ৰমিত, সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস

Covid-19 Updates: দেশত বিগত ২৪ ঘণ্টাত ১৪,০৯২ গৰাকী ক’ৰোনাত সংক্ৰমিত, সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস

ভাৰতত ক’ৰোনা মহামাৰীৰ পিছৰে পৰা বৰ্তমানলৈকে সৰ্বমুঠ ৪,৪২,৫৩,৪৬৪ জন লোক ক’ৰোনা ভাইৰাছত সংক্ৰমিত হৈছে আৰু ৫,২৭,০৩৭ জন লোকৰ মৃত্যু হৈছে।

ভাৰতত ক’ৰোনা মহামাৰীৰ পিছৰে পৰা বৰ্তমানলৈকে সৰ্বমুঠ ৪,৪২,৫৩,৪৬৪ জন লোক ক’ৰোনা ভাইৰাছত সংক্ৰমিত হৈছে আৰু ৫,২৭,০৩৭ জন লোকৰ মৃত্যু হৈছে।

ভাৰতত ক’ৰোনা মহামাৰীৰ পিছৰে পৰা বৰ্তমানলৈকে সৰ্বমুঠ ৪,৪২,৫৩,৪৬৪ জন লোক ক’ৰোনা ভাইৰাছত সংক্ৰমিত হৈছে আৰু ৫,২৭,০৩৭ জন লোকৰ মৃত্যু হৈছে।

  • Share this:
ভাৰতৰ বিগত ২৪ ঘন্টাত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ১৪,০৯২ নতুন কেছ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ পৰিপ্ৰেক্ষিতত ৪১ জন লোকৰ ক’ৰোনা সংক্ৰমণৰ কাৰণে মৃত্যু হয় আৰু ১৬,৪৫৪ জন লোকে এই সংক্ৰমণৰ পৰা আৰোগ্য হৈছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ সংখ্যা অনুসৰি, ভাৰতত ক’ৰোনা মহামাৰীৰ পিছৰে পৰা বৰ্তমানলৈকে সৰ্বমুঠ ৪,৪২,৫৩,৪৬৪ জন লোক ক’ৰোনা সংক্ৰমিত হৈছে আৰু ইয়াৰে ভিতৰত ৪,৩৬,০৯,৫৬৬ জন লোক সুস্থ হৈ উঠিছে যদিও ৫,২৭,০৩৭ জন লোকৰ মৃত্যু হৈছে।

উল্লেখযোগ্য যে দেশত ক’ৰোনাত সংক্ৰমিত সক্ৰিয় ৰোগীৰ সংখ্যা হ্ৰাস পাইছে। বিগত দিনৰ ১,১৯,২৬৪ জনৰ তুলনাত আজিৰ সক্ৰিয় ৰোগীৰ সংখ্যা ১,১৬,৮৬১ লৈ কমিছে। মন কৰিবলগীয়া কথা যে, শনিবাৰে ভাৰতৰ ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ ১৫,৮১৫ টা নতুন কেছ অন্তৰ্ভুক্ত হৈছে। ইয়াৰ মাজতে ৬৮ জন লোকৰ মৃত্যু হৈছিল আৰু ২০,০১৮ জন লোক সংক্ৰমণমুক্ত হৈছিল। তথ্য অনুসৰি, এই দুদিনত ক’ৰোনাত সংক্ৰমণৰ সক্ৰিয় কেছ প্ৰায় ৬,০০০ সংখ্যালৈ হ্ৰাস পাইছে।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, সক্ৰিয় কেছ মুঠ ০.২৬ শতাংশ আছে, য’ত ক’ৰোনাৰ পৰা আৰোগ্য হোৱাৰ সংখ্যাৰ হাৰ ৯৮.৫৪ শতাংশ। তদুপৰি, দৈনিক ধনাত্মক হাৰ ৩.৬৯ শতাংশ আৰু সাপ্তাহিক ধনাত্মক হাৰ ৪.৫৭ শতাংশ। ইয়াৰ উপৰি মৃত্যুৰ হাৰ ১.১৯ শতাংশ অন্তৰ্ভুক্ত কৰা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ অনুসৰি, ৰাষ্ট্ৰব্যাপী ক'ভিড–১৯ৰ টিকাকৰণ অভিযানৰ জৰিয়তে বৰ্তমানলৈকে দেশত দেওবাৰ ৰাতিপুৱা ৮ বজালৈ ক'ভিড ভেকচিনৰ ২০৭.৯৯ কোটি পালি দিয়া হৈছে।

বিগত ২৪ ঘন্টাত ২৯ জন লোকৰ ক’ৰোনাত সংক্ৰমণৰ বাবে মৃত্যু হয়। মুঠ মৃত্যুৰ টেলী ৪১ হয়, কিয়নো কেৰালাৰ ১২টা এনে কেছ ইয়াৰ লগত যোগ দিয়া হৈছে, যাৰ ভিতৰত বিশ্বাস কৰা হৈছে যে ৰোগীসকলৰ মৃত্যু ক’ৰোনাত সংক্ৰমণৰ বাবে হৈছে। সূত্ৰ অনুসৰি, দিল্লীত ৯ জন, কৰ্ণাটকত ৫ জন, গুজৰাট আৰু পশ্চিম–বংগত ৩–৩, উত্তৰ প্ৰদেশত ২ জন, ছত্তিশগড়, হিমাচল প্ৰদেশ, মহাৰাষ্ট্ৰ, মেঘালয়, মিজোৰাম, পঞ্জাব আৰু উত্তৰাখণ্ডত ১–১ জন ব্যক্তি অন্তৰ্ভুক্ত আছে।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি