• Home
  • »
  • News
  • »
  • coronavirus-latest-news
  • »
  • Covid-19 Update: অসমত ক্ৰমাৎ হ্ৰাস পাইছে ক'ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা, বিগত ২৪ ঘণ্টাত ১০ জন আক্ৰান্ত

Covid-19 Update: অসমত ক্ৰমাৎ হ্ৰাস পাইছে ক'ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা, বিগত ২৪ ঘণ্টাত ১০ জন আক্ৰান্ত

২১ আগষ্টৰ দিনটোত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনবোৰৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে ।

২১ আগষ্টৰ দিনটোত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনবোৰৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে ।

২১ আগষ্টৰ দিনটোত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনবোৰৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে ।

  • Share this:
দেওবাৰে অসমত ক'ৰোনা ভাইৰাছত আক্ৰান্ত লোকৰ সংখ্যা ইয়াৰ বিগত দিনবোৰতকৈ হ্ৰাস পাইছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰত প্ৰকাশ কৰা তথ্য অনুসৰি, দেওবাৰৰ দিনটোত অসমত ১০টা ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে।

মন কৰিবলগীয়া যে, ২১ আগষ্টৰ দিনটোত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনবোৰৰ তুলনাত কিছু পৰিমাণে হ্ৰাস পাইছে । বিশেষ যে, ২১ আগষ্টৰ দিনটোত কভিদ–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ যথেষ্ট কম আছিল। জানিব পৰা মতে, বিগত কেইবাদিন ধৰি অসমত ক'ৰোনাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা শূন্য আছিল।

উল্লেখযোগ্য যে, ২১ আগষ্টত কভিদ–১৯ পৰীক্ষা কৰা ৪৩১ জন মানুহৰ ভিতৰত ১০ জন মানুহৰ দেহত ক'ৰোনা ভাইৰাছ ধৰা পৰিছে। গুৰুত্বপূৰ্ণ যে, এই দিনটোত কভিদ–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ প্ৰায় ১০ গুণ কম আছিল। কামৰূপ মহানগৰত বিগত দিনটোত ৫ জন লোক ক'ৰোনা ভাইৰাছ কবলত পৰিছে যদিও ক'ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত এজন লোকেও প্ৰাণ হেৰুৱাব লগা হোৱা নাই।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ২০ আগষ্ট তাৰিখে অসমত ৪,২১০ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে, তাৰ ভিতৰত ১১৯ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল আৰু ১৯ আগষ্ট তাৰিখে অসমত ৩,৬১১ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে, তাৰ ভিতৰত ৯১ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। এইখিনিতে উল্লেখনীয় যে, ২১ আগষ্টত ক'ৰোনা সংক্ৰমণৰ নিৰ্মূল হোৱা লোকৰ হাৰ ৯৮.৫১ শতাংশ।
Published by:Sanjay Kumar Das
First published:

শেহতীয়া বাতৰি