বিজ্ঞাপন
মুখ্যপৃষ্ঠা / খবৰ / Corona / অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ, শুক্ৰবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৯১ জন

অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ, শুক্ৰবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৯১ জন

অসমত ক'ৰোনা ভাইৰাছৰ সংক্ৰমণ, শুক্ৰবাৰৰ দিনটোত নতুনকৈ আক্ৰান্ত ৯১ জন

শুক্ৰবাৰৰ দিনটোত অসমত ৯১টা ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে।

News18 Related Video Icon সম্পৰ্কীয় ভিডিঅ'

শুক্ৰবাৰে অসমত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণত আক্ৰান্ত লোকৰ সংখ্যা ইয়াৰ বিগত দিনবোৰতকৈ হ্ৰাস পাইছে। ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই টুইটাৰত প্ৰকাশ কৰা তথ্য অনুসৰি, শুক্ৰবাৰৰ দিনটোত অসমত ৯১টা ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ নতুন ঘটনা পোহৰলৈ আহিছে।

মন কৰিবলগীয়া যে, ১৯ আগষ্টৰ দিনটোত ক’ৰোনা ভাইৰাছৰ সংক্ৰমণৰ কবলত পৰা ব্যক্তিৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোৰ তুলনাত অৰ্থাৎ ১৮ আগষ্টতকৈ কিছু পৰিমাণে হ্ৰাস পাইছে । বিশেষ যে, ১৯ আগষ্টৰ দিনটোত কভিদ–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ কম আছিল। জানিব পৰা মতে, বিগত চাৰিদিন ধৰি অসমত ক’ৰোনাৰ ফলত হোৱা মৃত্যুৰ সংখ্যা শূন্য আছিল।

বিজ্ঞাপন

উল্লেখযোগ্য যে, ১৯ আগষ্টত কভিদ–১৯ পৰীক্ষা কৰা ৩,৬১১ জন মানুহৰ ভিতৰত ৯১ জন মানুহৰ দেহত ক’ৰোনা ভাইৰাছ ধৰা পৰিছে। গুৰুত্বপূৰ্ণ যে, এই দিনটোত কভিদ–১৯ পৰীক্ষা কৰা লোকৰ সংখ্যা ইয়াৰ পূৰ্বৰ দিনটোতকৈ প্ৰায় ৫০ শতাংশ কম আছিল। কামৰূপ মহানগৰত বিগত দিনটোত ২৩ জন লোক ক’ৰোনা ভাইৰাছ কবলত পৰিছে যদিও ক’ৰোনা ভাইৰাছ সংক্ৰমণৰ ফলত এজন লোকেও প্ৰাণ হেৰুৱাব লগা হোৱা নাই।

স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা তথ্য অনুসৰি, ১৮ আগষ্ট তাৰিখে অসমত ৬,২১৪ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে, তাৰ ভিতৰত ১১৯ জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল আৰু ১৭ আগষ্ট তাৰিখে অসমত ৪,৪০৮ জন লোকে কভিদ–১৯ পৰীক্ষা কৰে, তাৰ ভিতৰত ১৭৪ জন লোক ক’ৰোনা ভাইৰাছত আক্ৰান্ত হৈছিল। এইখিনিতে উল্লেখনীয় যে, ১৮ আগষ্টত ক’ৰোনা সংক্ৰমণৰ নিৰ্মূল হোৱা লোকৰ হাৰ ৯৮.৫৩ শতাংশ যি বিগত তিনিদিন ধৰি একে আছে।

বিজ্ঞাপন
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমত। শেহতীয়া খবৰ, লাইভ নিউজ আপডেট, সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসম।
  • First Published :
বিজ্ঞাপন
বিজ্ঞাপন