এতিয়াৰে পৰা ৰাজ্য চৰকাৰ সমূহৰ কাৰণে Covaxin প্ৰতিষেধকৰ প্ৰতি পালিৰ মূল্য হ’ব ৪০০টকা । Bharat Biotechএ আজি এখন প্ৰেছ ৰিলিজৰ যোগেদি ঘোষণা কৰিছে এই কথা ।
এতিয়াৰে পৰা ৰাজ্য চৰকাৰ সমূহৰ কাৰণে Covaxin প্ৰতিষেধকৰ প্ৰতি পালিৰ মূল্য হ’ব ৪০০টকা । Bharat Biotechএ আজি এখন প্ৰেছ ৰিলিজৰ যোগেদি ঘোষণা কৰিছে এই কথা ।
Serum Institute of Indiaই Covid-19 ৰ প্রতিষেধক Covishield ৰ মূল্য হ্ৰাস কৰাৰ পিছত ভেকচিন উৎপাদনকাৰী প্ৰতিষ্ঠান Bharat Biotechও অনুৰূপ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰতিষ্ঠানটোৱে ভাৰত চৰকাৰৰে মিলি প্ৰস্তুত কৰি উলিওৱা Covaxinৰ মূল্য হ্ৰাস কৰিছে । এতিয়াৰ পৰা ৰাজ্য চৰকাৰ সমূহৰ কাৰণে এই প্ৰতিষেধকৰ প্ৰতি পালিৰ মূল্য হ’ব ৪০০টকা । Bharat Biotechএ আজি এখন প্ৰেছ ৰিলিজৰ যোগেদি ঘোষণা কৰিছে এই কথা ।
পূৰ্বতে ৰাজ্য চৰকাৰ সমূহৰ কাৰণে ইয়াত মূল্য আছিল ৬০০টকা । আনহাতে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়ৰ কাৰণে ইয়াৰ মূল্য নিৰ্ধাৰণ কৰি হৈছিল ১২০০টকা । এই মূল্যৰ কোনো সালসলনি ঘটোৱা নাই Bharat Biotechএ । Serum Institute of Indiaইও Covishiledৰ মূল্য ৰাজ্য চৰকাৰ সমূহৰ কাৰণে ৪০০টকাৰ পৰা ৩০০টকা কৰিছে ।
উল্লেখযোগ্য যে কেন্দ্ৰীয় চৰকাৰে প্রতিষেধক প্ৰস্তুত কৰা প্ৰতিষ্ঠান দুয়োটাকে ভেকচিনৰ মূল্য হ্ৰাস কৰিবলৈ আহ্বান জনাইছিল । অহা ১ মে’ৰ পৰা ১৮বছৰৰ উৰ্ধ্বৰ লোকৰ টীকাকৰণ আৰম্ভ কৰাৰ কথা ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিছে । এই ঘোষণা কাৰ্যকৰী কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ৰাজ্য চৰকাৰ সমূহক প্ৰত্যক্ষ ভাৱে ভেকচিন ক্ৰয় কৰাৰো অনুমতি প্ৰদান কৰিছে ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|