গৱেষণাত এই কথা পোহৰলৈ আহিছে যে কভিশ্বিল্ড আৰু কোভেক্সিনৰ দুয়োটা ড'জ গ্ৰহণ কৰাৰ পিছত শৰীৰত ইয়াৰ ভাল সঁহাৰি পোৱা গৈছে । কিন্তু চেৰোপজিটিভ হাৰ কেৱল কভিশ্বিল্ড গ্ৰহণ কৰাসকলৰ মাজতহে অধিক হোৱা দেখা গৈছে ।
গৱেষণাত এই কথা পোহৰলৈ আহিছে যে কভিশ্বিল্ড আৰু কোভেক্সিনৰ দুয়োটা ড'জ গ্ৰহণ কৰাৰ পিছত শৰীৰত ইয়াৰ ভাল সঁহাৰি পোৱা গৈছে । কিন্তু চেৰোপজিটিভ হাৰ কেৱল কভিশ্বিল্ড গ্ৰহণ কৰাসকলৰ মাজতহে অধিক হোৱা দেখা গৈছে ।
Corona Vaccination: কোভিডৰ দ্বিতীয় ঢৌৰ সংহাৰ অব্যাহত থকাৰ মাজতে ইয়াৰ কৱলৰ পৰা দেশবাসীক ৰক্ষা কৰিবলৈ ভাৰতত পূৰ্ণগতিত গতিত চলি আছে টীকাকৰণ অভিযান । কিন্তু দেশত টীকাকৰণৰ বাবে ব্যৱহাৰ দুই ভেকছিন ক্ৰমে কভিশ্বিল্ড (Covishield) আৰু কোভেক্সিন (Covaxin)ৰ মাজৰ কোনটো ভেকছিন অধিক ভাল আৰু কোনটোৱে অধিক এণ্টিবডী গঠন কৰিব পাৰে , তাক লৈও বিতৰ্ক আৰম্ভ হৈছে ।l
ইয়াৰ মাজতে এক গৱেষণাই দাবী কৰিছে যে কোভেক্সিনতকৈ কভিশ্বিল্ড ভেকছিন গ্ৰহণ কৰা লোকসকলৰ শৰীৰত অধিক এণ্টিবডী বিকশিত হৈছে। কভিশ্বিল্ড বা কোভেক্সিন ভেকছিনৰ যিকোনো এটাৰ দুয়োটা ড'জ গ্ৰহণ কৰা স্বাস্থ্যকৰ্মীৰ মাজত চলোৱা এক গৱেষণাত পোহৰলৈ আহিছে এই কথা ।
কোৰোণা ভাইৰাছ ভেকছিন এণ্টিবডী টাইটান অৰ্থাৎ COVATৰ দ্বাৰা কৰা এই গৱেষণাত দেখা গৈছিল যে কভিশ্বিল্ড গ্ৰহণ কৰাসকলৰ ক্ষেত্ৰত এণ্টি-স্পাইক এণ্টিবডীৰ সৈতে জড়িত চেৰোপজিটিভিটি হাৰ কোভেক্সিন গ্ৰহণ কৰা সকলৰ তুলনাত যথেষ্ট বেছি । অৱশ্যে এতিয়ালৈকে এই গৱেষণা প্ৰকাশ হোৱা নাই। তেনেস্থলত এই মুহূৰ্তত ক্লিনিকেল অনুশীলনত ইয়াৰ ব্যৱহাৰ কৰিব নোৱাৰি । অৱশ্যে, গৱেষকসকলে কয় যে দুয়োটা ভেকছিনে ভাল ৰোগ প্ৰতিৰোধ ক্ষমতা বিকশিত কৰিছে। লগতে গৱেষণাটোত এই কথা পোহৰলৈ আহিছে যে কভিশ্বিল্ড আৰু কোভেক্সিনৰ দুয়োটা ড'জ গ্ৰহণ কৰাৰ পিছত শৰীৰত ইয়াৰ ভাল সঁহাৰি পোৱা গৈছে । কিন্তু চেৰোপজিটিভ হাৰ কেৱল কভিশ্বিল্ড গ্ৰহণ কৰাসকলৰ মাজতহে অধিক হোৱা দেখা গৈছে ।
উল্লেখ্য যে, এই গৱেষণাত ৫৫২ জন স্বাস্থ্যসেৱা কৰ্মী জড়িত কৰা হৈছিল। তেওঁলোকৰ ভিতৰত আছিল ৩২৫ জন পুৰুষ আৰু ২২৭ গৰাকী মহিলা। ইয়াৰ ভিতৰত ৪৫৬ গৰাকী লোকে কভিশ্বিল্ডৰ বাবে প্ৰথম ড'জ লাভ কৰিছিল আৰু ৯৬ গৰাকীয়ে কোভেক্সিনৰ প্ৰথম ড'জ গ্ৰহণ কৰিছিল। ইয়াৰ ভিতৰত ৭৯.০৩ শতাংশৰ চেৰোপজিটিভিটি হাৰ ৰেকৰ্ড কৰা হৈছিল । কভিশ্বিল্ডৰ বাবে এণ্টিবডী টাইটাৰ আছিল ১১৫ AU/ml (প্ৰতি মিলিলিটাৰত অৰ্বিটাৰ ইউনিট) আৰু কোভেক্সিনৰ বাবে আছিল ৫১ AU/ml ।
Published by:Kokil Sarma
First published:
অসমীয়াত ব্ৰেকিং নিউজ সৰ্বপ্ৰথম News18 অসমীয়াত| শেহতীয়া খবৰ, লাইভ নিউজ আপডেট. সবাতোকৈ বিশ্বাসযোগ্য অসমীয়া নিউজ ৱেবছাইট News18 অসমীয়া|