Coronavirus: কণিকা কাপুৰৰ ওপৰত দুখন FIR, সংক্ৰমিত গায়িকাই জীৱনলৈ ভাবুকি নমালে বহুজনৰ

News18 Assam | News18-Assam
Updated:March 21, 2020, 9:40 AM IST
Coronavirus: কণিকা কাপুৰৰ ওপৰত দুখন FIR, সংক্ৰমিত গায়িকাই জীৱনলৈ ভাবুকি নমালে বহুজনৰ
বলীউডৰ জনপ্ৰিয় কণ্ঠশিল্পী কনিকা কাপুৰে কিছুদিন পূৰ্বে ক’ৰোণা ভাইৰাছত আক্ৰান্ত হোৱাৰ কথা ছচিয়েল মিডিয়াৰ জৰিয়তে জনাইছিল।

বহুতকে সংক্ৰমিত কৰাৰ আশংকা মনে মনে সংক্ৰমণৰ কথা লুকুৱাই ৰখা গায়িকাই।

  • Share this:
লণ্ডনৰ পৰা উভতি আহি কোনো স্বাস্থ্য পৰীক্ষা নকৰোৱাকৈ হোম কোৱাৰাইনটাইনৰ প্ৰট’কল নমনাকৈ বিলাসী হোটেলৰ জনবহুল পাৰ্টীত অংশ লোৱা, কফি খাবলৈ আকৌ ফাইভ ষ্টাৰ হোটেললৈ যোৱা আদি ঘাতক কাণ্ডৰে বহু ভিআইপি আৰু সাধাৰণ মানুহৰ জীৱনলৈও সংক্ৰমণৰ বিপদ নমালে ‘বেবী ডল’ গীতৰ গায়িকা কণিকা কাপুৰে। চূড়ান্ত দায়িত্বহীনতাৰ পৰিচয় দি কণিকাই শ–শ লোকৰ মাজলৈ সংক্ৰমণৰ আশংকা বিয়পাই দিয়া বলিউডৰ শিক্ষিত জনা শুনা ব্যক্তিত্বৰ কাণ্ডত সমগ্ৰ দেশ হতভম্ব।

বলিউডৰ প্ৰথমগৰাকী সংক্ৰমিত ব্যক্তি কণিকা কাপুৰৰ বিৰুদ্ধে অপৰাধমূলক গোচৰ ৰুজু কৰাৰো দাবী কৰিছিল বহুতেই। এইবাৰ কণিকা কাপুৰৰ ওপৰত লক্ষ্নৌৰ জিলা দণ্ডাধীশৰ আদেশত আৰক্ষীয়ে নিজাববীয়া গোচৰ ৰুজু কৰে, ইয়াৰ পিছতে লক্ষ্নৌৰ মুখ্য স্বাস্থ্য বিষয়াই সৰোজিনী নগৰ থানাত কণিকা কাপুৰৰ বিৰুদ্ধে FIR দাখিল কৰাইছে। প্ৰট’কল ভংগ কৰাৰ অপৰাধত কণিকা কাপুৰৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰা হৈছে। দায়িত্বহীন কণিকা কাপুৰৰ কাৰণে এতিয়া বিপদ বৃদ্ধি পাইছে যে সেয়া পৰিষ্কাৰ হৈ পৰিল। কণিকা কাপুৰৰ বিৰুদ্ধে CMO–ই ভাৰতীয় দণ্ডবিধিৰ ধাৰা ১৮৮,২৬৯,২৭০ত এইআইআৰ দাখিল কৰিছে।

কি আছে এফআইআৰত?

শুকুৰবাৰে নিশা লক্ষ্নৌৰ চিএমঅ’ই কণিকা কাপুৰৰ বিৰুদ্ধে এই এফআইআৰ দাখিল কৰে। এফআইআৰ মতে, ১৪মাৰ্চত কণিকা কাপুৰ লণ্ডনৰ পৰা উভতিছিল। লক্ষ্নৌ এয়াৰপ’ৰ্টতে তেওঁক কোৰোণা পজিটিভ বুলি নিশ্চিত হৈ হোম কোৱাৰাইনটাইনত থকাৰ নিৰ্দেশ দিয়া হৈছিল। সেই নিৰ্দেশ অমান্য কৰি কণিকা কাপুৰে বিভিন্ন সামাজিক কাৰ্যসূচীত অংশ লয়। এই কাৰণতে তেওঁৰ বিৰুদ্ধে এফআইআৰ ৰুজু কৰা হয়। সৰোজিনী নগৰ থানাত ক্ৰাইম নম্বৰ ১৯৬ৰ অধীনত এই এফআইআৰ দাখিল কৰা হৈছে।

লক্ষ্নৌৰ জিলা দণ্ডাধীশৰ আদেশৰ পিছত আৰক্ষীয়ে তেওঁৰ বিৰুদ্ধে গোচৰ ৰুজু কৰিছে। তেওঁক গ্ৰেপ্তাৰো কৰা হ’ব পাৰে। লণ্ডনৰ পৰা উভতি আহি কণিকাই মানুহৰ সৈতে সম্পৰ্ক অব্যাহত ৰাখিছিল। কেইবাটাও বিলাসী পাৰ্টীত অংশ লয়। এই পাৰ্টীবোৰত কেন্দ্ৰীয় তথা ৰাজ্য মন্ত্ৰীৰ লগতে ৰাজস্থানৰ পূৰ্ব মুখ্যমন্ত্ৰী বসুন্ধৰা ৰাজে আৰু তেওঁৰ পুত্ৰ তথা সাংসদ দুষ্যন্তও উপস্থিত আছিল।
Published by: Tulika Devi
First published: March 21, 2020, 9:38 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading