কোৰোণা ভাইৰাছত বিশ্বজুৰি ২১ হাজাৰৰো অধিক লোকৰ মৃত্যু, ভাৰতত আক্ৰান্ত ৬১৩জন

News18 Assam | News18-Assam
Updated:March 26, 2020, 8:42 AM IST
কোৰোণা ভাইৰাছত বিশ্বজুৰি ২১ হাজাৰৰো অধিক লোকৰ মৃত্যু, ভাৰতত আক্ৰান্ত ৬১৩জন
ধবাৰৰ দিনটোত আমেৰিকাত সৰ্বাধিক ১৩,৩৪৭জন লোক আক্ৰান্ত হয়। দেশখনত ৬৮২০৩জন লোক আক্ৰান্ত হৈছে এইপৰ্যন্ত।

ধবাৰৰ দিনটোত আমেৰিকাত সৰ্বাধিক ১৩,৩৪৭জন লোক আক্ৰান্ত হয়। দেশখনত ৬৮২০৩জন লোক আক্ৰান্ত হৈছে এইপৰ্যন্ত।

  • Share this:
কোৰোণা ভাইৰাছৰ কবলত পৰি বিশ্বজুৰি ২১ হাজাৰৰো অধিক লোকৰ মৃত্যু হৈছে। ভাৰতত এতিয়ালৈ ৬১৩জন লোক আক্ৰান্ত হৈছে। মৃত্যুক আঁকোৱালি লৈছে ১২জন লোকে। প্ৰতিদিনে বিশ্বৰ ১৯৬খন দেশত পোহৰলৈ আহিছে নতুন নতুন ঘটনা। বুধবাৰেও বিশ্বজুৰি কোৰোণা সংক্ৰমণৰ ৪৮,৪৮৬টা ঘটনা সংঘটিত হৈছে। বিশ্বজুৰি মুঠ আক্ৰান্তৰ সংখ্যা ৪ লাখ ৬৮ হাজাৰৰো অধিক হৈছেগৈ। বুধবাৰে বিশ্বত ২৩৮৯জন লোকৰ মৃত্যু হয় কোৰোণাত।

বুধবাৰৰ দিনটোত আমেৰিকাত সৰ্বাধিক ১৩,৩৪৭জন লোক আক্ৰান্ত হয়। দেশখনত ৬৮২০৩জন লোক আক্ৰান্ত হৈছে এইপৰ্যন্ত। আমেৰিকাত বুধবাৰে মৃত্যু হয় ২৪৭জন লোকৰ। মুঠ মৃত্যুৰ সংখ্যা হয়গৈ ১০২৭। আনহাতে, বুধবাৰৰ দিনটোত স্পেইনত নতুনকৈ আক্ৰান্ত হয় ৭,৪৫৭জন লোক। দেশখনত কোৰোণাত আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৪৯ হাজাৰ ৫১৫জন। স্পেইনত বুধবাৰে ৬৫৬জন লোকৰ মৃত্যু হয়। মৃত্যুৰ মুঠ সংখ্যা ৩৬৪৭জন।

ইফালে, ইটালীত বুধবাৰে ৬৮৩জন লোকৰ মৃত্যু হয়। ইটালীত মুঠ মৃত্যুৰ সংখ্যা এতিয়ালৈ ৭৫০৩জন। মুঠ আক্ৰান্তৰ সংখ্যা ৭৪ হাজাৰ ৩৮৬জন। জাৰ্মানীত মুঠ আক্ৰান্তৰ সংখ্যা ৩৭ হাজাৰ ৩২৩জন। দেশখনত এতিয়ালৈ মৃত্যু হৈছে ৪৭জন লোকৰ।
আৰু চাওক
পৰৱৰ্তী বাতৰি
corona virus btn
corona virus btn
Loading