মুখ্যপৃষ্ঠা » খবৰ

» Corona

»Covid-19 Update: সামান্য সকাহ ! বিগত ২৪ ঘণ্টাত ২ লাখতকৈও কম লোক আক্ৰান্ত ক'ৰোনাত, হ্ৰাস পালে মৃত্যুৰ সংখ্যাও। ৪২ দিন পিছত সৰ্বনিম্ন লোক আক্ৰান্ত...

Covid-19 Update: সামান্য সকাহ ! বিগত ২৪ ঘণ্টাত ২ লাখতকৈও কম লোক আক্ৰান্ত ক'ৰোনাত, হ্ৰাস পালে মৃত্যুৰ সংখ্যাও। ৪২ দিন পিছত সৰ্বনিম্ন লোক আক্ৰান্ত...

News18 Assam | News18-Assam
Updated:May 25, 2021, 10:02 AM IST
Covid-19 Update: সামান্য সকাহ ! বিগত ২৪ ঘণ্টাত ২ লাখতকৈও কম লোক আক্ৰান্ত ক'ৰোনাত, হ্ৰাস পালে মৃত্যুৰ সংখ্যাও। ৪২ দিন পিছত সৰ্বনিম্ন লোক আক্ৰান্ত...
প্ৰতীকি ছবি: Shutterstock

Coronavirus Second Wave in India: দেশত যোৱা ৪২ দিন পিছত সৰ্বনিম্ন সংখ্যক ঘটনা পোহৰলৈ আহিছে। সোমবাৰে, ১,৯৫,৬৮৫ জন লোকক Covid positive পোৱা গৈছে।

  • Share this:
দেশত ক'ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ (Coronavirus Second Wave in India Latest Updates) কিছু পৰিমাণে দূৰ্বল হোৱা দেখা গৈছে। যোৱা ৪২ দিন পিছত সৰ্বনিম্ন সংখ্যক ঘটনা পোহৰলৈ আহিছে। সোমবাৰে, ১,৯৫,৬৮৫ জন লোকক Covid positive পোৱা গৈছে। ইয়াৰ আগতে ১৩ এপ্ৰিলত ১,৮৫,৩০৬জন লোকক ক'ৰোনা ইতিবাচক পোৱা গৈছিল। যোৱা ২৪ ঘণ্টাত, কৰোনাৰ ফলত ৩,৪৯৬ জন লোকে প্ৰাণ হেৰুৱাইছে। আন এটা সকাহৰ বিষয় যে দিনটোত ৩ লাখ ২৬ হাজাৰ ৬৭১ জন লোকে ক'ৰোনাক পৰাজিত কৰি সুস্থ হৈছে।

স্বাস্থ্য মন্ত্ৰালয়ৰ মতে, এতিয়ালৈকে দেশত ২ কোটি ৬৭ লাখ ৫২ হাজাৰ ৪৪৭ জন লোক ক'ৰোনাত আক্ৰান্ত হৈছে । এতিয়ালৈকে, ২ কোটি ৩৭ লাখ ২৮ হাজাৰ লোক ভাইৰাছৰ পৰা আৰোগ্য হৈছে। ভাইৰাছটোৱে এতিয়ালৈকে ৩ লাখ ৩ হাজাৰ ৭২০ জন লোকৰ প্ৰাণ লৈছে। বৰ্তমান, দেশত ২৭ লাখ ২০ হাজাৰ ৭১৬ টা active case আছে, আৰু সম্প্ৰতি  চিকিৎসাধীন হৈ আছে।
Published by: Kokil Sarma
First published: May 25, 2021, 9:58 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি