দেশত ক'ৰোনা ভাইৰাছৰ দ্বিতীয় ঢৌ (Coronavirus Second Wave) লাহে লাহে যেন শাম কাটিবলৈ লৈছে। শেহতীয়া ২৪ ঘণ্টাত দেশত ১ লাখ ৩৩ হাজাৰ ৪৮ জন লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। মঙলবাৰৰ দিনটোত দেশখনত ৩,২০৪ জন লোকে প্ৰাণ হেৰুৱায়।
যোৱা ২৪ ঘণ্টাত ভাৰতত আক্ৰান্ত ২ লাখ ৩১ হাজাৰ ২৭৭ জন লোক সুস্থ হৈছে। মঙলবাৰে সৰ্বাধিক ৩৫ হাজাৰ ৯শ ৪৯জন লোক মহাৰাষ্ট্ৰত সুস্থ হৈ উঠে। তামিলনাডুত ৩১,৬৮৩ জন, কৰ্ণাটকত ২৯,২৭১ জন আৰু কেৰালাত ২৪,১১৭ জন লোক বিগত ২৪ ঘণ্টাত সুস্থ হৈ উঠে।
স্বাস্থ্য মন্ত্ৰালয়ৰ মতে দেশত এতিয়ালৈ সৰ্বমুঠ ২.৮৩ কোটি লোক ক'ৰোনা ভাইৰাছত আক্ৰান্ত হৈছে। এই ভাইৰাছে ৩.৩৫ লাখ লোকৰ প্ৰাণ কাঢ়িছে। এই পৰ্যন্ত দেশৰ ২.৪১ কোটি লোক ক'ৰোনাৰ পৰা আৰোগ্য লাভ কৰিছে। দেশত এতিয়া ক'ৰোনাৰ এক্টিভ কেছ আছে ১৭.৮৯ লাখ ।