কোৰোণা ভাইৰাছৰ ভয়! চাৰিফুট দূৰৰ পৰা নাপিতে কাটিছে চুলি, ভাইৰেল Video

News18 Assam | News18-Assam
Updated:March 6, 2020, 11:55 AM IST
কোৰোণা ভাইৰাছৰ ভয়! চাৰিফুট দূৰৰ পৰা নাপিতে কাটিছে চুলি, ভাইৰেল Video
এই ভিডিঅ’টো চীনৰ হেনান অঞ্চলৰ এখন চেলুনৰ, য’ত নাপিতে কোৰোণা ভাইৰাছৰ ভয়ত ৩–৪ ফুট দূৰৰ পৰা কাটিছে গ্ৰাহকৰ চুলি।

এই ভিডিঅ’টো চীনৰ হেনান অঞ্চলৰ এখন চেলুনৰ, য’ত নাপিতে কোৰোণা ভাইৰাছৰ ভয়ত ৩–৪ ফুট দূৰৰ পৰা কাটিছে গ্ৰাহকৰ চুলি।

  • Share this:
চীনত মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কোৰোণা ভাইৰাছে। এইপৰ্যন্ত দেশখনত ৩ হাজাৰৰো অধিক লোকৰ মৃত্যু হোৱাৰ লগতে আক্ৰান্ত হৈছে ৮০ হাজাৰৰো অধিক লোক। চীনত এই ভাইৰাছে ইমানেই আতংকৰ সৃষ্টি কৰিছে যে এতিয়া চেলুনতো নাপিতে চাৰি ফুট দূৰৰ পৰা চুলি কাটিছে গ্ৰাহকৰ। ছচিয়েল মিডিয়াত ভাইৰেল হোৱা এটা ভিডিঅ’ত দেখা গৈছে যে চাৰিফুট দূৰৰ পৰা চুলি কাটিবলৈ কি উপায় অৱলম্বন কৰিছে নাপিতে।

এই ভিডিঅ’টো চীনৰ হেনান অঞ্চলৰ এখন চেলুনৰ, য’ত নাপিতে কোৰোণা ভাইৰাছৰ ভয়ত ৩–৪ ফুট দূৰৰ পৰা কাটিছে গ্ৰাহকৰ চুলি। দীঘল মাৰিত কেঁচী বান্ধি লৈ কাটিছে চুলি। হেয়াৰ ব্ৰাছৰ বাবে ব্যৱহাৰ কৰা হৈছে চাৰি ফুট দীঘল মাৰি।

চাওক ভিডিঅ’ :



আৰু চাওক
পৰৱৰ্তী বাতৰি