உங்கள் மாவட்டத்தைத் தேர்வுசெய்க

    • Home
    • »
    • News
    • »
    • coronavirus-latest-news
    • »
    • ক’ৰোণা আতংকঃ বিদেশত থকা ভাৰতীয় ছাত্ৰ–ছাত্ৰীক লৈ অনা হৈছে দেশলৈ, সকলোৱে ধন্যবাদ জনালে ভাৰত চৰকাৰক

    ক’ৰোণা আতংকঃ বিদেশত থকা ভাৰতীয় ছাত্ৰ–ছাত্ৰীক লৈ অনা হৈছে দেশলৈ, সকলোৱে ধন্যবাদ জনালে ভাৰত চৰকাৰক

    সকলোৱে ধন্যবাদ জনালে ভাৰত চৰকাৰক

    সকলোৱে ধন্যবাদ জনালে ভাৰত চৰকাৰক

    সকলোৱে ধন্যবাদ জনালে ভাৰত চৰকাৰক

    • Share this:
    বিশ্বজুৰি এতিয়া ক’ৰোণা ভাইৰাছৰ আতংক। ক’ৰোণা ভাইৰাছৰ শেহতীয়া ভয়াৱহতাৰ ফলত বিভিন্ন দেশত বন্ধ কৰা হৈছে বিমান সেৱা। ক’ৰোণা ভাইৰাছৰ ফলত চীনৰ পিছতে সৰ্বাধিক ক্ষতিৰ সন্মুখীন হোৱা ইটালীত বিমানসেৱা বন্ধ হোৱাৰ ফলত বিপদত পৰিছিল ২১১ জন ভাৰতীয় ছাত্ৰ–ছাত্ৰী। এই কথা জনাৰ পিছত এয়াৰ ইণ্ডিয়াৰ বিশেষ বিমানেৰে ভাৰতলৈ লৈ অনা হয় ছাত্ৰ–ছাত্ৰীকেইজনক।



    লগতে বিমানবন্দৰত ছাত্ৰ–ছাত্ৰী সকলৰ স্বাস্থ্য পৰীক্ষাও কৰা হয়। চৰকাৰে স্বাস্থ্য পৰীক্ষাৰ বাবে লোৱা শৃংখলাবদ্ধ ব্যৱস্থা দেখি এতিয়া ইটালীৰ পৰা আহি নিজ দেশত উপস্থিত হোৱা বহু ছাত্ৰ–ছাত্ৰীয়ে প্ৰশংসা কৰিছে চৰকাৰক। আনকি বহুতে ছচিয়েল মিডিয়াত শ্বেয়াৰো কৰিছে নিজৰ অভিজ্ঞতাৰ কথা।
    Published by:Himangshu Bhuyan
    First published: