বাতৰি কাগজ, কুৰিয়াৰ পেকেট, প্লাষ্টিক, দুৱাৰৰ হেণ্ডেল সকলোতে ঘৰ সাজিব পাৰে কোৰোণাই 

News18 Assam | News18-Assam
Updated:March 23, 2020, 8:46 PM IST
বাতৰি কাগজ, কুৰিয়াৰ পেকেট, প্লাষ্টিক, দুৱাৰৰ হেণ্ডেল সকলোতে ঘৰ সাজিব পাৰে কোৰোণাই 
Novel Corona ভাইৰাছ বায়ুমণ্ডল বা বিভিন্ন দ্ৰব্যৰ পৃষ্ঠত কিমান সময় সক্ৰিয় হৈ থাকে?

Novel Corona ভাইৰাছ বায়ুমণ্ডল বা বিভিন্ন দ্ৰব্যৰ পৃষ্ঠত কিমান সময় সক্ৰিয় হৈ থাকে?

  • Share this:
কোৰোণা ভাইৰাছে সমগ্ৰ বিশ্বত বিধ্বংসী ৰূপ ধৰাৰ সমানভাৱে বিশ্বৰ বিভিন্ন প্ৰান্তত চলিছে ইয়াৰ চৰিত্ৰ/বৈশিষ্ট্য অনুসন্ধানৰ অহৰহ গৱেষণা। স্বাভাৱিকতে এই ভাইৰাছৰ বৈশিষ্ট্যসমূহ গম পোৱাৰ পিছতহে ইয়াৰ প্ৰতিকাৰ সম্ভৱ হ’ব। গৱেষকসকলে সম্প্ৰতি ভাইৰাছটোৰ বিষয়ে কিছু তথ্য জানিবলৈ সক্ষম হৈছে।

এতিয়ালৈ এজন সংক্ৰমণ হোৱা ব্যক্তিয়ে আন এজন সুস্থ ব্যক্তিৰ প্ৰায় ৬ ফুট দূৰত্বৰ ভিতৰত কাহিলে বা হাচি মাৰিলে সেই কাহ বা হাচিৰ লগত নিৰ্গত ক্ষুদ্ৰ টোপাল যদি সুস্থজনৰ নাক, মুখ চকুৰে শৰীৰত প্ৰৱেশ কৰে তেন্তে এই ভাইৰাছ বিয়পে বুলি কোৱা হৈছিল। নিঃসন্দেহে এই তত্ব সম্পূৰ্ণ শুদ্ধ। কিন্তু Novel Corona ভাইৰাছ বায়ুমণ্ডল বা বিভিন্ন দ্ৰব্যৰ পৃষ্ঠত কিমান সময় সক্ৰিয় হৈ থাকে? এজন সুস্থ লোক Covid–19ত আক্ৰান্ত হ’ব পাৰেনে?

এইসমূহ জটিল প্ৰশ্নৰ উত্তৰ বিচাৰি গৱেষণাত ব্ৰতী হৈছিল মাৰ্কিন যুক্তৰাষ্ট্ৰস্থিত National Institute of Allergy and Infectious Diseases নামৰ প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকল। তেওঁলোকে এই সন্দৰ্ভত এখন গৱেষণা পত্ৰও উলিয়াইছে।

২০১৯ চনৰ শেষৰ পিনে চীনৰ য়ুহানত ধৰা পৰা Novel Human Corona ভাইৰাছ হৈছে চিকিৎসা বিজ্ঞান সূক্ষ্ম-বিজ্ঞানৰ ভাষাত Severe Acute Respiratory Syndrome Corona Virus 2 চমুকৈ SARS–COV–2। এই শ্ৰেণীৰ বহু সাদৃশ্য থকা আনটো ভাইৰাছ হৈছে SARS–COV–1। নামৰ পৰাই গম পোৱা গৈছে যে এই ভাইৰাছে মানৱ দেহত প্ৰৱেশ কৰাৰ পাছত multiply হৈ  উশাহ নলীত আক্ৰমণ কৰে।

উল্লেখযোগ্য যে উপৰোক্ত প্ৰতিষ্ঠানটোৰ বিজ্ঞানীসকলৰ মতে এই বীজাণু দ্ৰব্যপৃষ্ঠটো সক্ৰিয় হৈ থাকে। বীজাণুক বাসস্থান প্ৰদান কৰা দ্ৰব্য যেনে কাপোৰ, ধাতু বা মিহল ধাতুৰ বাচন বা কাঠৰ ফাৰ্নিচাৰক Fomites বুলি কোৱা হয়।

গৱেষণাৰ অন্তত পোৱা তথ্য অনুসৰি, SARS–COV–2 প্লাষ্টিক আৰু ষ্টেইনলেচ ষ্টীলত তিনি দিন পৰ্যন্ত সক্ৰিয় হৈ থাকে এই ভাইৰাছ। কার্ডব’ৰ্ডত এই ভাইৰাছ ২৪ ঘণ্টা সক্ৰিয় হৈ থাকে; গতিকে কাগজৰ সামগ্ৰীটো Novel Corona ভাইৰাছৰ সমানুপাতিক জীৱনকাল হ’ব বুলি ক’ব পাৰি। স্মার্টফোনৰ পৃষ্ঠত বা চিচাজাতীয় সামগ্রীত ৯৬ ঘণ্টা সক্ৰিয় হৈ থাকে এই বীজাণু।

কিন্তু pathogenৰ অর্থাৎ বেমাৰ কৰিব পৰা বীজাণুৰ সক্ৰিয়তা সময় বাগৰাৰ লগে লগে কমি আহে। বায়ুমণ্ডলৰ সংস্পৰ্শটো হ্ৰাস পাই ভাইৰাছৰ সক্ৰিয়তা। গৱেষক Neeltje van Doremalanৰ মতে তিনি ঘণ্টাৰ অন্তত ভাইৰাছটোৰ বেমাৰ বিয়পাব পৰা ক্ষমতা হ্ৰাস পাই পাই মাথোঁ ১২.৫ শতাংশহে বাকী থাকে। আনহাতে ২০ ডিগ্ৰী পৰা ২২ ডিগ্ৰী চেলচিয়াছে, যাক room temperature বুলি কোৱা হয়, fomites সমূহক সক্ৰিয় হৈ থকাত সহায় কৰে। ৬০ শতাংশ ইথাইল এলকহলযুক্ত disinfectant–এ fomitesৰ সক্ৰিয়তা ভালেখিনি হ্ৰাস কৰে।

NIAIDৰ mico biologist Vincent Musterৰ মতে বীজাণু বিধৰ বিভিন্ন দ্ৰব্যৰ যোগেদি বেমাৰ কৰিব পৰা সক্ৰিয়তাৰ কাল পৃথক পৃথক – কপাৰ পৃষ্ঠত ৪ ঘণ্টা, ষ্টেইনলেচ ষ্টীলত ১৬ ঘণ্টা আৰু প্লাষ্টিকত ১৬ ঘণ্টা। কিন্তু বাসস্থান নাপালে এই ভাইৰাছ শীঘ্ৰে নিস্ক্ৰিয় হৈ যায়।

গতিকে গৱেষণা পত্ৰখনৰ মতে দ্ৰব্য পৃষ্ঠৰ পৰা ৰোগৰ সংক্রমণ ঘটিব পাৰে। কাৰণ room temperatureত অতি কমেও প্ৰায় ৬৬ মিনিট fomites সমূহ বেমাৰ কৰিব পৰাকৈ সক্ৰিয় হৈ থাকে।

গতিকে ATM Machine, মোবাইল ফোন, কাগজ, প্লাষ্টিকৰ সামগ্রী, ধাতু, ষ্টেইনলেচ ষ্টীল সকলোতে ঘৰ সাজিব পাৰে এই ভাইৰাছে। আৰু সেই সামগ্ৰীবোৰৰ সংস্পৰ্শলৈ কোনো ব্যক্তি আহিলে কোৰোনাই তেওঁৰ শৰীৰত ঘৰ সাজিব।

গতিকে ৰাতিপুৱাৰ বাতৰি কাগজখন, Courier Serviceৰ পেকেট, গাখীৰৰ প্লাষ্টিকৰ পেকেট সকলোতে থাকিব পাৰে Novel Corona। আৰু স্পর্শ কৰা হাত খন যদি নাক, মুখ কাণত লাগে ক’ৰোনাই মানৱ দেহত প্ৰবেশ কৰিব পাৰে।
Published by: Sanjay Kumar Das
First published: March 23, 2020, 8:46 PM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading