দেশজুৰি ‘জনতা কাৰ্ফিউ’ৰ প্ৰভাৱ, কি কৰি সময় কটাব ঘৰত?

News18 Assam | News18-Assam
Updated:March 22, 2020, 10:54 AM IST
দেশজুৰি ‘জনতা কাৰ্ফিউ’ৰ প্ৰভাৱ, কি কৰি সময় কটাব ঘৰত?
চাকৰি, ব্যৱসায় আদিৰ ব্যস্ততাৰ বাবে নিজৰ পৰিয়াল, বন্ধুবৰ্গ আৰু জীৱন সংগীক সময় দিব নোৱাৰা লোকসকলেও আজি সময় কটাইছে পৰিয়ালৰ সৈতে।

চাকৰি, ব্যৱসায় আদিৰ ব্যস্ততাৰ বাবে নিজৰ পৰিয়াল, বন্ধুবৰ্গ আৰু জীৱন সংগীক সময় দিব নোৱাৰা লোকসকলেও আজি সময় কটাইছে পৰিয়ালৰ সৈতে।

  • Share this:
কোৰোণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে আজি সমগ্ৰ দেশত ঘোষণা কৰা হৈছে জনতা কাৰ্ফিউ। জনতা কাৰ্ফিউলৈ সঁহাৰি জনোৱা দেখা গৈছে সমগ্ৰ দেশৰ জনতাই। আন ৰাজ্যসমূহৰ লগতে অসমতো দেখা গৈছে জনতা কাৰ্ফিউৰ ব্যাপক প্ৰভাৱ। প্ৰধানমন্ত্ৰী মোদীৰ আহ্বানক সঁহাৰি জনাইছে জনসাধাৰণে।

প্ৰাত্যহিক ব্যস্ততাৰ পৰা আঁতৰি সকলোৱে সময় দিছে পৰিয়ালক। চাকৰি, ব্যৱসায় আদিৰ ব্যস্ততাৰ বাবে নিজৰ পৰিয়াল, বন্ধুবৰ্গ আৰু জীৱন সংগীক সময় দিব নোৱাৰা লোকসকলেও আজি সময় কটাইছে পৰিয়ালৰ সৈতে। কিন্তু এনেকুৱা এটা দিনত আপুনি ঘৰত কি কৰিব? আমি দিছো তাৰ উপায়।

সন্তানৰ সৈতে খেলক

– কৰ্মব্যস্ততাৰ বাবে সন্তানক সময় দিব নোৱাৰাসকলে আজি প্ৰাণ ভৰি সময় দিয়ক নিজৰ সন্তানক। সন্তানৰ সৈতে ধেমালি কৰক, পেইণ্টিং, ড্ৰয়িং কৰি সময় কটাওক। যদি আপোনাৰ শিশুৱে নাচি ভাল পায় তেন্তে সন্তানৰ সৈতে নাচত সহযোগ কৰক।
– আপোনাৰ সন্তানৰ সৈতে লুডো, কেৰম আদি খেল খেলক।
– সন্তানৰ সহায়ত ঘৰৰ কাম কৰক, যাতে সন্তানেও জানিব পাৰে যে অভিভাৱকে কিমান কষ্ট কৰে।

পিতৃ–মাতৃৰ সৈতে কটাওক সময়

– আপোনাৰ ঘৰত যদি বৃদ্ধ পিতৃ–মাতৃ আছে তেন্তে তেওঁলোকৰ সৈতে বহি কথা পতাৰ এয়া উচিত সময়।
– শিশুৰ সৈতে খেলাৰ সময়ত পিতৃ–মাতৃৰ সৈতে কথা পাতক।
– যদি পিতৃ–মাতৃ দূৰত থাকে তেন্তে ফোনত দীঘলীয়া বাৰ্তালাপ কৰক।

মহিলাসকলে কি কৰিব?
– মহিলাসকলে ঘৰত সুস্বাদু আহাৰ বনাব পাৰে। জীৱন সংগীৰ সৈতে একেলগে ৰন্ধা–বঢ়া কৰক।
– কৰ্মব্যস্ত মহিলাসকলে প্ৰায়ে পৰিয়ালৰ লোকৰ সৈতে বহাৰ সময় নাপায়। শিশু, স্বামীৰ সৈতে সময় কটোৱাৰ এয়া ধুনীয়া সুযোগ।
– মনোৰঞ্জনৰ বাবে পৰিয়ালৰ সকলো সদস্যই মিলি অন্তাক্ষৰী খেলক।
– ঘৰতে বহি পৰিয়ালৰ সৈতে ভাল চিনেমা উপভোগ কৰক।
Published by: Sanjay Kumar Das
First published: March 22, 2020, 10:30 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি

corona virus btn
corona virus btn
Loading