ভাৰতক প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ, ক’লে কিদৰে প্ৰতিৰোধ কৰিব পাৰি কোৰোণাৰ সংক্ৰমণ

News18 Assam | News18-Assam
Updated:March 26, 2020, 9:04 AM IST
ভাৰতক প্ৰশংসা বিশ্ব স্বাস্থ্য সংস্থাৰ, ক’লে কিদৰে প্ৰতিৰোধ কৰিব পাৰি কোৰোণাৰ সংক্ৰমণ
বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোৰোণাৰ দ্বিতীয় ষ্টেজত থাকিও ভাৰতে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। পৰিস্থিতি গুৰুতৰ হোৱাৰ পূৰ্বে ইয়াক নিয়ন্ত্ৰণ কৰাত এই পদক্ষেপে সহায় কৰিব।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোৰোণাৰ দ্বিতীয় ষ্টেজত থাকিও ভাৰতে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। পৰিস্থিতি গুৰুতৰ হোৱাৰ পূৰ্বে ইয়াক নিয়ন্ত্ৰণ কৰাত এই পদক্ষেপে সহায় কৰিব।

  • Share this:
ভাৰতত কোৰোণা ভাইৰাছত আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। এই ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মঙলবাৰে সন্ধিয়া ২১ দিনৰ বাবে দেশজুৰি লকডাজউন ঘোষণা কৰে। মোদীৰ এই পদক্ষেপক প্ৰশংসা কৰি বিশ্ব স্বাস্থ্য সংস্থা (WHO)ই কয় যে সংকটৰ এই সময়ত ভাৰতে এক গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে।

বিশ্ব স্বাস্থ্য সংস্থাই কয় যে কোৰোণাৰ দ্বিতীয় ষ্টেজত থাকিও ভাৰতে কেইবাটাও পদক্ষেপ গ্ৰহণ কৰিছে। পৰিস্থিতি গুৰুতৰ হোৱাৰ পূৰ্বে ইয়াক নিয়ন্ত্ৰণ কৰাত এই পদক্ষেপে সহায় কৰিব। এয়া খুবেই ভাল প্ৰয়াস, কিন্তু এই মহামাৰীক ৰোধৰ বাবে অতিৰিক্ত প্ৰয়োজনীয় পদক্ষেপো গ্ৰহণ কৰিব লাগিব, অন্যথা পুনৰ উভতি আহিব পাৰে।

বিশ্ব স্বাস্থ্য সংস্থাৰ কাৰ্যবাহী সঞ্চালক মিছেল জে ৰেয়ানে কয় যে আৱশ্যকীয় উপায়, প্ৰয়োজনীয় সুৰক্ষামূলক ব্যৱস্থাসমূহ কাৰ্যকৰী নকৰিলে ইয়াৰ পৰা পৰিত্ৰাণ পোৱাটো কঠিন। যদি এই ভাইৰাছ পুনৰ উভতি আহে তেন্তে ভাৰতৰ সন্মুখত এক ডাঙৰ প্ৰত্যাহ্বান হ’ব।
আৰু চাওক
পৰৱৰ্তী বাতৰি