COVID-19 in India: বিগত ২৪ ঘণ্টাত ক'ৰোনাই প্ৰাণ কাঢ়িলে ৩,২৮৬জনৰ। ভাৰতত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ২লাখ।

News18 Assam | News18-Assam
Updated:April 28, 2021, 9:24 AM IST
COVID-19 in India: বিগত ২৪ ঘণ্টাত ক'ৰোনাই প্ৰাণ কাঢ়িলে ৩,২৮৬জনৰ। ভাৰতত মৃত্যুৰ সংখ্যাই অতিক্ৰম কৰিলে ২লাখ।
যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,২৮৬ জন লোকৰ মৃত্যু হৈছে। তাৰ পিছত মুঠ মৃতকৰ সংখ্যা ২,০১,১৮০ লৈ বৃদ্ধি পাইছে।

যোৱা ২৪ ঘণ্টাত ভাৰতত ৩,২৮৬ জন লোকৰ মৃত্যু হৈছে। তাৰ পিছত মুঠ মৃতকৰ সংখ্যা ২,০১,১৮০ লৈ বৃদ্ধি পাইছে।

  • Share this:
দেশত ক'ৰোনা সংক্ৰমণৰ ফলত মৃত্যুৰ সংখ্যা ২ লাখ অতিক্ৰম কৰিছে। মঙলবাৰে প্ৰথমবাৰৰ বাবে দেশত মৃত্যুৰ সংখ্যা ৩,০০০ অতিক্ৰম কৰে। মঙলবাৰে, একেৰাহে সপ্তম দিনৰ বাবে ভাৰতত ৩ লাখৰো অধিক ঘটনা সংঘটিত হৈছিল, আৰু একেৰাহে অষ্টম দিনৰ বাবে মৃত্যু ২,০০০ অতিক্ৰম কৰে।

বাতৰি অনুসৰি, যোৱা ২৪ ঘণ্টাত ৩,২৮৬ জন লোকৰ মৃত্যু হৈছে। তাৰ পিছত মুঠ মৃতকৰ সংখ্যা ২,০১,১৮০ লৈ বৃদ্ধি পাইছে। দেশত ক'ৰোনা ৰোগী আৰু মৃত্যুৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। মহামাৰী আৰম্ভ হোৱাৰ পিছত প্ৰথমবাৰৰ বাবে, ভাৰতে এদিনত ৩,০০০ ৰো অধিক লোকৰ মৃত্যু হোৱাৰ খবৰ দিছে। যোৱা ২৪ ঘণ্টাত ৩,৬২,৭৭০ টা নতুন আক্ৰান্তৰ ঘটনা পোহৰলৈ আহিছে।

আন দেশবোৰৰ তুলনাত, আমেৰিকা যুক্তৰাষ্ট্ৰত এতিয়ালৈকে সৰ্বাধিক মৃত্যু হৈছে। মঙলবাৰলৈ আমেৰিকা যুক্তৰাষ্ট্ৰত ৫,৮৭,৩৭৩ জন লোকৰ মৃত্যু হৈছে। ৩,৯৫,৩২৪ জন লোকৰ মৃত্যুৰ সৈতে ব্ৰাজিল দ্বিতীয় স্থানত আছে আৰু মেক্সিকোত ২,১৫,১১৩ জন ক'ৰোনাৰ ফলত মৃত্যু বৰণ কৰিছে। এতিয়ালৈকে মুঠ মৃত্যুৰ ক্ষেত্ৰত ভাৰত চতুৰ্থ স্থানত আছে। তদুপৰি UK, ইটালী, ৰাছিয়া আৰু ফ্ৰান্সতো এক মিলিয়নতকৈও অধিক লোকৰ মৃত্যু হৈছে।
Published by: Kokil Sarma
First published: April 28, 2021, 9:24 AM IST
আৰু চাওক
পৰৱৰ্তী বাতৰি

শেহতীয়া বাতৰি